Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত শতবৰ্ষ অতিক্ৰম কৰা বোকাখাতৰ বলোৰাম হাজৰিকাক নিৰ্বাচনী বিষয়াৰ সম্বৰ্ধনা

  গণ বাৰ্তা, বোকাখাত, ২৫ জানুৱাৰী: আজি ১১ তম ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। সমগ্ৰ দেশৰ লগতে বোকাখাতটো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ভোট...


 গণ বাৰ্তা, বোকাখাত, ২৫ জানুৱাৰী: আজি ১১ তম ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। সমগ্ৰ দেশৰ লগতে বোকাখাতটো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। বোকাখাত মহকুমাৰ নিৰ্বাচনী বিষয়া নীতিশা বৰাৰ নেতৃত্বত এটা নিৰ্বাচনী বিষয়া দলে পুৱাই প্ৰথম কাৰ্যসূচী পালন কৰে বোকাখাতৰ ২ নং বালিজান আমটেঙা গাঁৱত ৷ উল্লেখ্য যে, বোকাখাতৰ ২ নং বালিজান আমটেঙা গাঁৱৰ বাসিন্দা বলোৰাম হাজৰিকাই ইতিমধ্যে শতবৰ্ষ অতিক্ৰম কৰিছে। ১৯২১ চনত নাহৰজানত জন্মগ্ৰহণ কৰা বলোৰাম হাজৰিকাই  স্বাধীনতা আন্দোলনত বহু ঘাটপ্ৰতিঘাটৰ সন্মুখীন হৈছিল। দেশৰ স্বাধীনতা আন্দোলনৰ সময়ত বিভিন্ন মিটিং মেললৈ গৈছিল বলোৰাম হাজৰিকা। প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে দেশৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল বলোৰাম হাজৰিকা । যাৰবাবে বৃটিছ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত পলাই ফুৰিব লগা হৈছিল বলোৰাম হাজৰিকা  ৷ আজি পুৱাই নিৰ্বাচনী বিষয়া নীতিশা বৰাই বলোৰাম হাজৰিকাৰ বাসগৃহত উপস্থিত হৈ তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এখন সম্বৰ্ধনা পত্ৰ মহকুমা নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা জ্ঞাপন কৰে। পৰিয়ালৰ অৰ্ধ শতাধিক লোকৰ উপস্থিতিত বলোৰাম হাজৰিকাই মহকুমা প্ৰশাসন তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ লাভ কৰি আপ্লুত হৈ পৰে। সম্বৰ্ধনা পত্ৰ লাভ কৰি যথেষ্ট গৌৰাৱাম্বিত বুলি উল্লেখ কৰি দেশ সেৱাৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। উল্লেখ্য যে, বলোৰাম হাজৰিকাই চাৰি পুত্ৰ সহ ৫০  নাতি-নাতিনীৰ এক বৃহৎ পৰিয়াল । আনহাতে, ইয়াৰ পাছতেই নিৰ্বাচনী বিষয়া নীতিশা বৰাৰ নেতৃত্বত  বোকাখাতস্থিত নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ বিভিন্ন কাৰ্যসূচী উলহ- মালহেৰে উদযাপন কৰে ।

No comments