ৰূপ কুমাৰ শৰ্মা টিহু, ২৫ জানুৱাৰী : অকল পুৰুষেই নহয়, এইবাৰ খেতি পথাৰত নামিল মহিলা । সৰিয়হৰ খেতিৰে স্বাৱলম্বিতাৰ লগতে পৰিয়াল টোক আৰ্...
ৰূপ কুমাৰ শৰ্মা টিহু, ২৫ জানুৱাৰী : অকল পুৰুষেই নহয়, এইবাৰ খেতি পথাৰত নামিল মহিলা । সৰিয়হৰ খেতিৰে স্বাৱলম্বিতাৰ লগতে পৰিয়াল টোক আৰ্থিক ভাৱে টনকিয়াল কৰাৰ প্ৰয়াস মহিলা সকলৰ । মহিলা সকলৰ এই কৃষি কৰ্ম দেখি এতিয়া কৃষিৰ প্ৰতি আকৰ্ষিত হৈছে বহু নিবনুৱা যুৱক-যুৱতী । নলবাৰী জিলাৰ টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪১ নং মাখিবাহা গাঁও পঞ্চায়তৰ প্ৰায় ১৫০ গৰাকী মহিলাই ৮০ বিঘা মাটিত সৰিয়হৰ খেতিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । সৰিয়হৰ খেতিৰে স্বাৱলম্বিতাৰ লগতে পৰিয়াল টোক আৰ্থিক ভাৱে টনকিয়াল কৰাৰ প্ৰয়াস কৰিছে মহিলা সকলে । ঘৰুৱা কাম-বন, ৰন্ধা-বঢ়া শেষ কৰি আজৰি সময় উলিয়াই খেতি পথাৰত নামি পৰে মহিলা সকলে । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৌজন্যত "কন্যাকুমাৰী" গ্ৰাম্য সংগঠন, "বীৰাংগনা" গ্ৰাম্য সংগঠন, "নমামী" গ্ৰাম্য সংগঠন আৰু "আকাশীগংগা" গ্ৰাম্য সংগঠন নামৰ চাৰিটা গ্ৰাম্য সংগঠনৰ ডেৰশ মহিলাই সৰিয়হৰ খেতি কৰাত এতিয়া খেতি পথাৰতে মহিলা সকলক ব্যস্ত থকা দেখা গৈছে । সৰিয়হৰ খেতিৰ বাবে নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা মহিলা সকলে সহায় পাইছে যদিও টিহু মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা কোনো ধৰনৰ সহায় নোপোৱাৰ লগতে কোনো কৰ্মচাৰীয়ে খবৰ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।
No comments