Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিনিখন কৃষি আইন বাতিল, পেট্ৰোল আৰু ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত হাজো ব্লক কংগ্ৰেছৰ বিশাল ছাইকেল ৰেলীৰে তীব্ৰ প্ৰতিবাদ

  পঙ্কজ নাথ, চাংসাৰি, ২২ জানুৱাৰী:  বিজেপি চৰকাৰে প্ৰবৰ্তন কৰিব বিচৰা তিনিখনকৈ কৃষি আইন পেট্ৰোল,ডিজেল,এল পি জি গেছৰ মূল্য বৃদ্ধি ৰোধৰ কৰাৰ দ...

 


পঙ্কজ নাথ, চাংসাৰি, ২২ জানুৱাৰী: বিজেপি চৰকাৰে প্ৰবৰ্তন কৰিব বিচৰা তিনিখনকৈ কৃষি আইন পেট্ৰোল,ডিজেল,এল পি জি গেছৰ মূল্য বৃদ্ধি ৰোধৰ কৰাৰ দাবীত হাজো সমষ্টিৰ অন্তৰ্গত হাজো ব্লক কংগ্ৰেছৰ ফালৰ পৰা আজি বিশাল ছাইকেল ৰেলী ওলোৱা পৰিলক্ষিত হয় । এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় চাৰি শতাধিক  কংগ্ৰেছ নেতা কৰ্মীয়ে হাতে হাতে বেনাৰ,ফেষ্টুন,প্লে কাৰ্ড লৈ ছাইকেল ৰেলী কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদৰ সময়ত কংগ্ৰেছ নেতা কৰ্মী সকলে বিজেপি চৰকাৰ হায়, হায়, অমিত শ্বাহ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,অসম চৰকাৰ  হায় হায়,কৃষি আইন বাতিল কৰক, পেট্ৰোল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক ,এল পি জি গেছৰ মূল্য বৃদ্ধি ৰোধ কৰক ,কংগ্ৰেছ জিন্দাবাদ আদি বিভিন্ন শ্লো'গানেৰে কংগ্ৰেছ কৰ্মী সকলে হাজোৰ আকাশ বতাহ উত্তাল কৰি তোলে । আজিৰ প্ৰতিবাদৰ সময়ত হাজো ব্লক কংগ্ৰেছৰ সভাপতি ৰুবুল আলীয়ে কয় যে, যেতিয়ালৈকে কৃষি আইন বাতিল নকৰিব আৰু ডিজেল,পেট্ৰলৰ মুল্য বৃদ্ধি ৰোধ নকৰিব তেতিয়ালৈকে এই আন্দোলন অব্যাহত থাকিব। আজিৰ এই বিশাল প্ৰতিবাদী কাৰ্যসূচীত কামৰূপ জিলাৰ তত্ত্বাৱধায়ক জেনিফাৰ হুছেইন, কংগ্ৰেছ নেতা খগেন কলিতা,আনোৱাৰ হুছেইন, পঙ্কজ দাস, দেৰাজ খান, আবুল হুছেইন,ছহিদুল ইছলাম আদি বহু নেতা কৰ্মী উপস্থিত থাকি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। 

No comments