Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কংগ্ৰেছ আজমলৰ বুজা পৰাৰ মুল মানুহ অজিত ভূঞাঃ- অতুল বৰা

  গণ বার্তা, আমগুৰি ২৭ জানুৱাৰী:  কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলৰ মাজত বুজাপৰাৰ মূল মানুহ হৈছে অজিত ভূঞা। আজি শিৱসাগৰ জিলাৰ আমগুৰিত অসম গণ পৰিষদ...


 গণ বার্তা, আমগুৰি ২৭ জানুৱাৰী: কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলৰ মাজত বুজাপৰাৰ মূল মানুহ হৈছে অজিত ভূঞা। আজি শিৱসাগৰ জিলাৰ আমগুৰিত অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহত উপস্থিত থাকি এই মন্তব্য আগবঢ়াই দলটোৰ সভাপতি অতুল বৰাই। অসম গণ পৰিষদৰ আমগুৰি বিধান পৰিষদৰ উদ্যোগত আমগুৰি সমষ্টিৰ দোপদৰ বামুণপুখুৰীৰ দুলীয়া সমন্বয় ক্ষেত্ৰত আয়োজিত জাতীয় ঐক্য সন্মিলনত ভাগ লৈ অতুল বৰাই কয় যে, কংগ্ৰেছক শাসনৰ গাদীত বহুৱাৰ উদেশ্যে   বদৰুদ্দিন আজমলৰ লগত   অজিত ভূঞাই হাত মিলাইছে। কংগ্ৰেছ দল আজমলৰ প্ৰেমত নিমজ্জিত বুলি মন্তব্য কৰি অতুল বৰাই কংগ্ৰেছ এ  আজমলৰ লেজুত ধৰি ক্ষমতা দখলৰ সপোন ৰচিচে আৰু আজমলে কংগ্ৰেছৰ তলা মাৰিছে। অসমৰ পৰিবৰ্তিত ৰাজনৈতিক পৰিস্থিতিত সম্প্ৰতি অসমত বিভিন্ন আঞ্চলিক দলৰ জন্ম হোৱা বুলি উল্লেখ কৰি অগপ নেতা গৰাকীয়ে এই দল সমুহৰ উদেশ্য কেৱল কংগ্ৰেছ আৰু এ আই ইউ ডি এফক ক্ষমতাত অধিষ্ঠিত কৰা  বুলি দাবী কৰে। ৰাজ্য সভাৰ সাংসদ তথা আমগুৰিৰ সন্তান অজিত ভূঞাক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছৰ লগত বদৰুদ্দিন আজমলৰ বুজাপৰাৰ মুল মানুহ হৈছে অজিত ভূঞা।  কটাক্ষ কৰে। আছুক তীব্ৰ সমালোচনা কৰি ছাত্ৰ সংগঠনটোৱে গ্ৰহণ কৰা ভূমিকা জাতীয়তাবাদী শিৱিৰৰ বাবে ক্ষতিকৰ বুলি মন্তব্য কৰে অতুল বৰাই। অগপ দলক ক'লা পতাকা দেখুওৱা সকলক একেলগে ক'লা আৰু ৰঙা পতাকা দেখুৱাই প্ৰত্যুত্তৰ দিবলৈ দলীয় কৰ্মী সকলক আহ্বান জনায় অতুল বৰাই। লক্ষণীয় ভাবে মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা অগপ নেতা গৰাকীয়ে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰণ কৰিলে অসম সুৰক্ষিত হব বুলি মন্তব্য কৰে। আনহাতে সমাৰোহত ভাষণ দি অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই  প্ৰগতিশীল জাতীয়তাবাদী চিন্তাধাৰাৰে নতুনকৈ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰা অসম গণ পৰিষদক ৰাইজে আদৰিলৈছে বুলি মন্তব্য কৰে। আনহাতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদক তীব্ৰ সমালোচনা কৰি অসম প্ৰথম,সদায়, চিৰদিন শ্ল'গান শুনিবলৈহে ভাল, কিন্তু তেওলোকৰ বাবে কি প্ৰথম ক্ষমতা নে অসম সেইটোহে মুল কথা বুলি মন্তব্য কৰে। অসম গণ পৰিষদৰ বাবে অসমহে প্ৰথম বুলি দাবী কৰে মহন্তই। ইয়াৰ আগতে প্ৰায় দহ সহস্ৰাধিক কৰ্মীৰ উপস্থিতিত আয়োজিত জাতীয় ঐক্য সমাৰোহত আদৰণি ভাষণ আগবঢ়াই স্থানীয় বিধায়ক তথা অসম গণ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক প্ৰদীপ হাজৰিকাই। অগপৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক নিত্যানন্দ কলিতাই আঁত ধৰা সমাৰোহত অতুল বৰা, কেশৱ মহন্তৰ লগতে নাহৰকটীয়া সমষ্টিৰ বিধায়ক নৰেন সোণোৱাল, টীয়ক সমষ্টিৰ বিধায়িকা তথা দলৰ উপসভাপতি ৰেনুপমা ৰাজখোৱা প্ৰমুখ্যে বহুকেইগৰাকী কেন্দ্ৰীয় নেতা কৰ্মী উপস্থিত থাকে। আনহাতে সমাৰোহত উপস্থিত হৈ জনপ্ৰিয় কন্ঠশিল্পী ভৃগু কাশ্যপে কেইবাটাও গীতেৰে ৰাইজক আপ্লুত কৰে।

No comments