Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মৰাণৰ খোৱাঙত ৰাইজে নিৰ্মাণ কৰিলে ১৫০ মিটাৰ দৈৰ্ঘ্যৰ দলং; উদ্বোধন কৰিলে আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই

  গণ বাৰ্তা, মৰাণ, ৩ জানুৱাৰীঃ চেচুঘাট পকীদলং বাইপাছ দাবী সমিতি তথা বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে সুদীৰ্ঘ প্ৰায় ২৮ টা বছৰ ধৰি মৰাণ সমষ্...

 


গণ বাৰ্তা, মৰাণ, ৩ জানুৱাৰীঃ চেচুঘাট পকীদলং বাইপাছ দাবী সমিতি তথা বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে সুদীৰ্ঘ প্ৰায় ২৮ টা বছৰ ধৰি মৰাণ সমষ্টিৰ খোৱাং চেচুঘাটত বুঢ়ীদিহিং নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবী জনাই অহাৰ পিছতো নহ'ল দলং । ১৯৬২ চনৰ পৰা চেচুঘাট আৰু লেজাই-কলাখোৱা সংযোগী বুঢ়ীদিঙৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে চেচুঘাট পকীদলং বাইপাছ দাবী সমিতিয়ে দাবী জনাই আহিছে যদিও কোনো এখন চৰকাৰে এই দাবীৰ প্ৰতি সন্মান জনোৱা নাই । অৱশেষত উপায়ন্ত হৈ খোৱাং, লেজাই-কলাখোৱা আৰু বৰবৰুৱা আছুৰ উদ্যোগত বিশিষ্ট ব্যৱসায়ী কোশল কোঁ‌ৱৰ আৰু স্থানীয় ৰাইজৰ সহযোগত চেচুঘাটৰ বুঢ়ীদিহিং নদীৰ ওপৰত প্ৰায় ১৫০ মিটাৰ দৈৰ্ঘ্যৰ এখন বাঁ‌হৰ দলং নিৰ্মাণ কৰা হ'ল । আছু কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শংকৰ বৰুৱাই দলংখন উদ্বোধন কৰে । ইয়াৰ আগতে এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয় । এই সভাত কেইবাজনো বক্তাই চৰকাৰ আৰু জনপ্ৰতিনিধিৰ ওপৰত ক্ষোভ উজাৰে ।

উল্লেখ্য যে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে তেওঁৰ কাৰ্যকালৰ আৰম্ভনিতে এই দলংখন নিৰ্মাণ কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতিও যেন ফুটুকাৰ ফেন হ'ল । বিধায়কজনৰ একমাত্ৰ সদিচ্চা অভাৱৰ বাবেই দলং নিৰ্মাণৰ ফাইল আগ নাবাঢ়িল বুলি স্থানীয় ৰাইজে মন্তব্য কৰে । টুলুঙা নাওৰ ওপৰত নিৰ্ভৰ কৰি চলা চেচুঘাট, শিলপোটা, লেজাই-কলাখোৱাকে ধৰি প্ৰায় ৮০ খন গাঁ‌ৱৰ ৰাইজ আশাবাদী আগন্তুক দিনত চৰকাৰৰ সুদৃষ্টি পৰিব এই বৃহৎ অঞ্চলটোৰ ওপৰত । 

No comments