Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসম বংগ সীমান্তৰ ছাগলীয়াত আৰক্ষীৰ অভিযানঃ কন্টেইনৰ ট্ৰাকসহ ৩০ টাকৈ গৰু জব্দ

গণবাৰ্তা  গোলকগঞ্জ, ২৫ জানুৱাৰীঃ ধুবুৰী জিলাৰ অসম বংগ সীমান্তৱৰ্তী ছাগলীয়া আৰক্ষীয়ে পুৱতিনিশা অভিযান চলাই এখন কন্টেইনাৰ ট্ৰাকসহ ৩০ টা উন্নত...


গণবাৰ্তা গোলকগঞ্জ, ২৫ জানুৱাৰীঃ ধুবুৰী জিলাৰ অসম বংগ সীমান্তৱৰ্তী ছাগলীয়া আৰক্ষীয়ে পুৱতিনিশা অভিযান চলাই এখন কন্টেইনাৰ ট্ৰাকসহ ৩০ টা উন্নত জাতৰ গৰু জব্দ কৰিবলৈ সক্ষম হৈছে  । জানিব পৰা মতে, গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথৰ নিৰ্দেশ অনুসৰি ছাগলীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিধান সিং বসুমতাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বহিঃ ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়তে গৰু কঢ়িওৱা  UP-21CN/5373 নম্বৰৰ কন্টেইনাৰ সহ ৩০ টাকৈ উন্নত জাতৰ গৰু  জব্দ কৰে । উল্লেখযোগ্য যে পশ্চিম বংগৰ সোণাপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকাৰ গোপন খবৰ লাভ কৰে আৰক্ষীয়ে । পিছত অসম বংগ সীমান্তৰ ছাগলীয়া সংলগ্ন ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই কন্টেইনৰ সহ গৰু কেইটা জব্দ কৰাৰ লগতে চালক আৰু হেণ্ডিমেনকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

No comments