Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

উৰিয়ামঘাটত সপ্তম বাৰ্ষিক সন্মিলিত বড়ো বাৰ্ষিক অধিবেশনৰ লাইখূটা স্থাপন

গণ বাৰ্তা বৰপথাৰ ৮ জানুৱাৰী: গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ মিথিংগা নগৰত অহা ফেব্ৰুৱাৰী মাহৰ ৫,৬ আৰু ৭ তাৰিখে অনু্ষ্ঠিত হবলগীয়া ২১খন জিলাৰ সন্মিলি...


গণ বাৰ্তা বৰপথাৰ ৮ জানুৱাৰী: গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ মিথিংগা নগৰত অহা ফেব্ৰুৱাৰী মাহৰ ৫,৬ আৰু ৭ তাৰিখে অনু্ষ্ঠিত হবলগীয়া ২১খন জিলাৰ সন্মিলিত বড়ো গণ মঞ্চৰ ৰাজ্যিক অধিবেশন খনৰ লাইখুটা স্থাপন কৰা হয়। লাইখূটা স্থাপন কৰে কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ সম্পাদক হৰেশ্বৰ নাৰ্জাৰীয়ে। আনহাতে উক্ত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰে ইউ বি পি অৰ কেন্দ্ৰীয় সভাপতি মিনেশ্বৰ বসুমতাৰীয়ে । ইয়াৰ পাছতেই অধিৱেশনস্থলীৰ বাকৰিত সাধাৰণ সভা অনুষ্ঠিত হয় । সভাত আদৰণি ভাষণ আগবঢ়াই উদযাপন সমিতিৰ সভাপতি তথা অসম কো: অপাৰেটিভ এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনে । সন্মিলিত বড়ো গণ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ স্বৰ্গয়াৰীয়ে আঁত ধৰা সভাত ইউ বি পি অৰ সাধাৰণ সম্পাদক অনীল বসুমতাৰী, ইউ বি পি অ'ৰ উপদেষ্টা বিপীন গয়াৰী, অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰাৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আনহাতে উক্ত সন্মিলনখনত অসমৰ ২১খন জিলাৰ বড়ো জনগোষ্ঠীয় লোকসকল উপস্থিত থাকিব বুলি উদযাপন সমিতিৰ বিষয়ববীয়াই জানিব লৈ দিয়ে। ইফালে প্ৰায় ১ কোটি টকা ব্যয়েৰে তিনিদিনীয়া বাৰেৰহণীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হ'ব  সন্মিলিত বড়ো গণ মঞ্চৰ সপ্তম বাৰ্ষিক অধিবেশন । আনহাতে অধিবেশনখনত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে চুবুৰীয়া নেপাল,বাংলাদেশে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ বড়ো লোক সকল উপস্থিত থাকিব বুলি অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়ে ।

No comments