Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটাৰোডত "মৰা মানুহৰ ফাঁচি" ৰ অভুতপূৰ্ব সাফল্য

  বৰপেটাৰোডৰ পৰা ফৰহাদ ভূঞা, ১৯ জানুৱাৰী: নামনি অসমৰ বানিজ্য নগৰী বৰপেটাৰোডৰ 'জয়ন্ত হাজৰিকা সংঘ'ৰ উদ্যোগত উদীয়মান নাট্যকাৰ ৰাধেশ্যা...

 


বৰপেটাৰোডৰ পৰা ফৰহাদ ভূঞা, ১৯ জানুৱাৰী: নামনি অসমৰ বানিজ্য নগৰী বৰপেটাৰোডৰ 'জয়ন্ত হাজৰিকা সংঘ'ৰ উদ্যোগত উদীয়মান নাট্যকাৰ ৰাধেশ্যাম কলিতাই ৰচনা কৰা 'মৰা মানুহৰ ফাঁচি' নামৰ নাটকখন মঞ্চস্থ কৰি অভূতপূর্ব সাফল্য লাভ কৰিবলৈ সক্ষম হয়।  সংঘৰ উদ্যোগত প্ৰতি বছৰে একোখনকৈ পূর্ণাঙ্গ নাট সফল ভাৱে মঞ্চস্থ কৰা হয় যদিও চলিত মাহৰ দ্বিতীয় সপ্তাহত মঞ্চস্থ কৰা মৰা মানুহৰ ফাচি নামৰ মৌলিক নাটকখনে দৰ্শকক মোহিত কৰে। সীমিত সা-সুবিধাৰ মাজতো অভিনেতা অভিনেত্ৰী সকলে প্ৰাণঢালি কৰা অভিনয়ে নাটকখনক জীৱন্ত কৰি তোলে। অৱসৰী শিক্ষক অনিৰুদ্ধ বৰুৱাৰ  নানা ঘাট প্ৰতিঘাতেৰে ভৰা জীৱন গাঠা আৰু নিষ্ঠুৰ নিয়তিৰ বিধানত বিশেষভাৱে সক্ষম সন্তানটোৰ হৃদয়স্পর্শী আত্মবলিদানৰ কাহিনীটোৰ যোগেদি আমাৰ সমাজত চলি থকা ধনীক শ্ৰেণীৰ ভুৱা আভিজাত্যৰ ফপোলা স্বৰূপ উদঙাই দিয়াৰ লগতে মানবীয় প্ৰমূল্যবোধৰ অৱক্ষয়ৰ নগ্ন ৰূপটো দাঙি ধৰাত নাট্যকাৰ কলিতা সফল হৈছে।  এজন বিশেষভাৱে সক্ষম লোকৰো সুখ দুঃখ, আশা, আকাংক্ষাৰ লগতে দৃঢ়তাৰ বাস্তৱ ছবিখন নাট্যকাৰে সুন্দৰ তথা মৰ্মস্পৰ্ষীভাৱে দাঙি ধৰিছে। আনহাতে নাট্যকাৰে কাহিনীৰ লগত সংগতি ৰাখি অতি কৌশলপূৰ্ন ভাৱে অসমৰ লোক সংস্কৃতিক সুন্দৰ ভাৱে উপস্থাপন কৰিছে। নাট খনৰ মুখ্য চৰিত্ৰ এজন বিশেষভাৱে সক্ষম লোকৰ চৰিত্ৰত নাটখনৰ ৰচক, পৰিচালক ৰাধেশ্যাম কলিতাৰ মৰ্মস্পৰ্ষী তথা উচ্চমানৰ অভিনয়ে দৰ্শকক মোহিত কৰিছে। নাট খনৰ আন চৰিত্ৰ সমূহত প্ৰণবজ্যোতি ভূঞা, দীপক দাস, বিজয় বৰ্মন, হিমাংশু দাস, ডঃ মলিন ডেকা, গৌতম চৌধুৰী, দেৱানন্দ দাস, বুবুল ডেকা, গুনেশ্বৰ লহকৰ, ৰঞ্জন বসাক, নিকুঞ্জ দাস, মিনিৰূন দাস, ডেইজী বায়ন,ৰিম্পী ৰয়, হৃদি কাশ্যপ, জ্যোতি বায়ন আৰু বিৰাজ কাকতি সফল হৈছে। আনহাতে নাটখনত জগদীশ দাস আৰু জয়ন্ত কুমাৰ দাসে কৰা হাস্যৰসিক চৰিত্ৰ দুটাৰ অভিনয় নাটখনৰ এক অলংকাৰ হৈ পৰিছে। আটাইকেইজন শিল্পীৰ পৰা কাহিনীয়ে বিচৰা ধৰণে অভিনয় উলিয়াই অনাত পৰিচালক ৰাধেশ্যাম কলিতা আৰু দেবেন বৈশ্য সফল হৈছে। নাটখনৰ সংগীত দীপক চৌধুৰীৰ, পোহৰ নিৰঞ্জন দাসৰ। শীৰ্ষ সঙ্গীতৰ কন্ঠ প্ৰণৱজ্যোতি ভূঞাৰ।

No comments