Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ভৈৰৱকুণ্ডলৈ আহক; নান্দনিক পৰিবেশত উপভোগ কৰক বনভোজৰ আনন্দ

  ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১ জানুৱাৰী: বি টি আৰৰ ওদালগুৰি জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰৌতা চাৰিআলিৰ পৰা ২৫ কিলোমিটাৰ আৰু ওদালগুৰি জিলাৰ সদৰ স...


 ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১ জানুৱাৰী: বি টি আৰৰ ওদালগুৰি জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰৌতা চাৰিআলিৰ পৰা ২৫ কিলোমিটাৰ আৰু ওদালগুৰি জিলাৰ সদৰ স্থান ওদালগুৰি নগৰৰ পৰা ২২ কিলোমিটাৰ পথ উজাই গলেই পোৱা যায় এক নৈসৰ্গিক পৰিবেশেৰে সমৃদ্ধ ভৈৰৱকুণ্ড অঞ্চল । অসম, অৰুণাচল আৰু ভূটান সীমান্তৱৰ্তী  সুন্দৰ প্ৰাকৃতিক মনোমোহা পৰিবেশৰ  আনন্দ উপভোগ কৰিবলৈ যেন ভৈৰৱকুণ্ডই  হাতবাউলি মাতে  সকলোকে ।  সকলো শ্ৰেণীৰ লোকৰ সাধাৰণ দৃষ্টিত ভৈৰৱকুণ্ড এখনি বনভোজথলী হিচাপে জনাজাত যদিও ইয়াৰ ঐতিহাসিক গুৰুত্ব নথকা নহয় । এটা সময়ত ভৈৰৱকুণ্ড অতি দুৰ্গম আৰু সন্ত্ৰাসজৰ্জৰিত এলেকা হিচাপে  পৰিচিত আছিল যদিও বিগত কিছু বছৰৰ পৰা পৰিস্থিতি স্বাভাৱিক হৈছে ভৈৰৱকুণ্ডৰ । ওদালগুৰি আৰু ৰৌতা চাৰিআলিৰ পৰা ভৈৰৱকুণ্ডলৈ যাবলৈ পোনপটীয়া বাছ সেৱাৰ ব্যৱস্থা নাই যদিও এতিয়া মেজিক, ট্ৰেকাৰ, চুমু, টেম্পুৰ অভাৱ নাই । অৱশ্যে জিলাৰ সদৰ ওদালগুৰি আৰু ভৈৰৱকুণ্ডৰ পৰা গুৱাহাটী, তেজপুৰ আদি ঠাইলৈ  দুই-এখন যাত্ৰীবাহী বাছ এতিয়াও চলি আছে যদিও বাছসেৱা পৰ্যাপ্ত নহয় । সাধাৰণতে প্ৰতি বছৰৰ ডিচেম্বৰ আৰু জানুৱাৰী মাহত অগণণ লোকেৰে লোকাৰণ্য হৈ পৰে প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্যৰে ভৰপুৰ ভৈৰৱকুণ্ড অঞ্চল । সময়ে সময়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা লগতে ৰাজ্য খনৰ বাহিৰৰ পৰাও ভ্ৰমণকাৰী আৰু পৰ্যটক ভৈৰৱকুণ্ডলৈ আহি ইয়াৰ মনোমোহা সৌন্দৰ্য  উপভোগ কৰে । চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ উত্তৰাঞ্চলৰ পৰ্বতৰ মাজেৰে ভৈয়ামলৈ বৈ অহা জাম নদী আৰু অৰুণাচল প্ৰদেশৰ পৰা নামনিলৈ বৈ অহা ধনশিৰি নদীৰ অপূৰ্ব মনোমোহা সৌন্দৰ্যৰ মাজত এসাজ তৃপ্তিৰে উপভোগ কৰে ইয়ালৈ অহা বনভোজৰ দল , পৰ্যটক আৰু ভ্ৰমণকাৰী সকলে । পূৰ্বৰ তুলনাত এতিয়া বহু উন্নত হৈছে ভৈৰৱকুণ্ডৰ পৰিবেশ । ভৈৰৱকুণ্ডক নতুন ৰূপত সজাই পৰাই তুলিবলৈ ওদালগুৰি জিলা প্ৰশাসন আৰু বি টি আৰ কৰ্তৃপক্ষই গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ । তথ্য অনুসৰি বিগত ২০০৪ চনৰ ১৮ নৱেম্বৰত বিটিচিৰ পৰ্যটন বিভাগৰ তদানীন্তন কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জাৰীয়ে ভৈৰৱকুণ্ডত এটা পৰ্যটন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিল । ইয়াৰোপৰি কৰ্তৃপক্ষই ভৈৰৱকুণ্ডত এখন মিনি চিৰিয়াখানা  আৰু এখন শিশু উদ্যান স্থাপন কৰাৰ বাবেও সেই সময়ত প্ৰস্তাৱ গ্ৰহণ কৰিছিল । অবশ্যে এই সকলোবোৰ এই পৰ্যন্ত সম্পূৰ্ণ ভাবে গঢ়ি উঠা নাই যদিও ইতিমধ্যে পৰ্যটকৰ সুবিধাৰ্থে ভৈৰৱকুণ্ডত নিৰ্মাণ কৰা হৈছে অতিথিশালা আৰু প্ৰবৰ্তন কৰা হৈছে  অন্যান্য সা-সুবিধা । ইপিনে ভৈৰৱকুণ্ডক এখনি পৰ্যটন নগৰী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে পৰ্যটন বিভাগে ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত যোৱা ২০০৪ চনৰ ৩,৪ আৰু ৫ মাৰ্চত পোন প্ৰথম বাৰৰ বাবে ভৈৰৱকুণ্ডত অনুষ্ঠিত কৰিছিল ভৈৰৱকুণ্ড মহোৎসৱৰ । ইয়াৰ পিছৰে পৰা ভৈৰৱকুণ্ডত উক্ত ভৈৰৱকুণ্ড মহোৎসৱ পালন কৰি অহা হৈছে । ভৈৰৱকুণ্ডৰ পৰিবেশ-পৰিস্থিতি এতিয়া চকুত লগাকৈ পৰিৱৰ্তন কিম্বা উন্নত  হৈছে ।  পূৰ্বৰ সেই শিলাময় পথ সমূহ এতিয়া পকী পথলৈ ৰূপান্তৰিত হৈছে । আওপুৰণি সকলো দলং এতিয়া পকী হৈছে । এতিয়া ভৈৰৱকুণ্ডলৈ  বনভোজ খাবলৈ গলে আপুনি ৰন্ধা-বঢ়াৰ বাবে খৰি, বাচন-বৰ্তন, টেবুল-চকী, টেন্ট বনাবলৈ কোনো ধৰণৰ সা-সৰঞ্জাম লগত নিব নালাগে । নিৰ্দিষ্ট মূল্য বহন কৰিলে আপুনি বনভোজথলীতে পাব সকলো সুবিধা । মাথোঁ লৈ যাওক সকলো খাদ্য-সামগ্ৰী আৰু এটা গেছ চিলিণ্ডাৰ । গেছৰ  বাৰ্ণাৰো নালাগে নিব, তাতেই পাব সকলো সুবিধা । বনভোজপ্ৰেমী সকলৰ সুবিধাৰ্থে বনভোজথলীত আছে 'মেলা টেন্ট হাউচ, ভৈৰৱকুণ্ড' । বনভোজৰ স্থান আৰু বাচন-বৰ্তন, টেন্টৰ সা-সৰঞ্জামৰ বাবে আগতীয়াকৈ যোগাযোগ কৰিব লাগিব ৮০১১১৮৮২১৮ আৰু ১৭৪৮৪১৩২ (ভূটানৰ বাবে)  ফোন নম্বৰত । পিছে বনভোজ খাই উঠি আপুনি ঠাইডোখৰ আগৰ দৰে লেতেৰা কৰি থৈ আহিব নোৱাৰিব । আপুনি মানি চলিব লাগিব পিকনিক মেনেজমেণ্ট কমিটিৰ নিৰ্দেশনা । মেনেজমেণ্ট কমিটিৰ হৈ ওদালগুৰি জিলা প্ৰশাসন, বি টি আৰৰ বন বিভাগ, ভৈৰৱকুণ্ড ইক'টুৰিজিম আৰু কনজাৰভেছন চছাইটী, স্বেচ্ছাসেৱী সংস্থা 'আৰণ্যক' আৰু ইউ এন ডি পিয়ে বনভোজথলীত জাৰি কৰিছে বিভিন্ন নিৰ্দেশনা  । সেই অনুসৰি আৱৰ্জনা য'তে ত'তে পেলোৱা নিষেধ,  জৈৱিক ভাবে পচনশীল আৰু পচন নোহোৱা আৱৰ্জনা পৃথকে পৃথকে ৰাখিব লাগিব ,পিকনিক মেনেজমেণ্ট কমিটিৰ সকলো নিৰ্দেশনা মানি চলিব লাগিব, লৈ যাওক সুমধুৰ স্মৃতি, কিন্তু এৰি থৈ নাযাব বেয়া আচৰণ  ইত্যাদি । ভৈৰৱকুণ্ডৰ বিষয়ে অনেক কিম্বদন্তী আছে ।বুৰঞ্জীৰ পাত লুটিয়াই চালেই পোৱা যায় যে অতীত কালত ভৈৰৱকুণ্ডত হেনো এটা জলকুণ্ড আছিল । পাণ্ডৱ সকলে স্বৰ্গযাত্ৰাৰ সময়ত ভৈৰৱকুণ্ডত থকা এই কুণ্ডতেই স্নান কৰিছিল, সেয়ে ইয়াক তীৰ্থকুণ্ডও আখ্যা দিয়া হয় । ইতিহাস অনুসৰি ভূটান পৰ্বতৰ নামনিত কুণ্ড বংশীয় কছাৰী ৰজা সকলেও ৰাজত্ব কৰিছিল ।এই বংশৰ নাম কুণ্ড বংশ হিচাপে জনাজাত । প্ৰবাদ অনুসৰি এই কুণ্ড ৰাজ্যৰ ৰাজধানীৰ নাম আছিল চম্পক নগৰ । ভৈৰৱকুণ্ডৰ সমীপত থকা চপনগাও খনেই সম্ভৱত তেতিয়াৰ কুণ্ড ৰাজ্যৰ ৰাজধানী আছিল ।এই কুণ্ডৰ পৰা ভৈৰৱকুণ্ড নামৰ উৎপত্তি হোৱা বুলি কিম্বদন্তীয়ে কয় ।ইতিহাস অনুসৰি কোচৰজা নৰনাৰায়ণ চিলাৰায় ভৈৰৱকুণ্ডৰ আশে-পাশে দেৱী মন্দিৰ স্থাপন কৰিছিল । দেৱী চণ্ডিকা বা ভৈৰৱী নামৰ পৰাই ভ্ৰমৰীকুণ্ড হল আৰু কালক্ৰমত এই ভ্ৰমণকুণ্ড ভৈৰৱকুণ্ড নামেৰে পৰিচিত হল । লিখক দীনেশ্বৰ শৰ্মাই তেওঁৰ 'মঙলদৈৰ বুৰঞ্জী'ত উল্লেখ কৰা মতে যেতিয়া কোচৰজা নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিল সেই সময়তে ৰৌতাত বাহৰ পাতিছিল ।তেতিয়া ভৈৰৱকুণ্ড, নলখামৰা আদি ঠাইত মঠ-মন্দিৰ সজাইছিল ।এই ভৈৰৱকুণ্ডতেই ১৫৩৭ খ্ৰীষ্টাব্দত আহোম আৰু কোচ সৈন্যৰ মাজত হোৱা যুদ্ধৰ ফলত নৰনাৰায়ণৰ তিনি ভাতৃ দীপ সিংহ, ৰামচন্দ্ৰ আৰু হেমধৰৰ মৃত্যু হৈছিল ।প্ৰবাদ অনুসৰি ৰাউতা আৰু ধনশিৰি নৈৰ সংগমস্হলত অৱস্থিত কুণ্ডৰ দাতিত চিলাৰায়ে  'চণ্ডিকা বেহাৰ' নামেৰে এখন নগৰ স্থাপন কৰিছিল । বৰ্তমানৰ টংলা নগৰৰ পৰা ১৭ মাইল উত্তৰে অৱস্থিত খালিংদ্বাৰতে কৌশিক বা বিশ্বমিত্ৰ ঋষিৰ তপস্যাৰ কেন্দ্ৰ আছিল বুলি ইতিহাসে কয় । বৰ্তমান ওদালগুৰিৰ পৰা ১৭ কিলোমিটাৰ উত্তৰে অৱস্থিত বাদাগাৱত পূৰ্বৰ কৌশিক নদী (কুলশী) ৰ পাৰত এটা ভেটিৰ চিহ্ন পোৱা যায় ।  ইয়াকেই বিশ্বমিত্ৰ ঋষিৰ ভেটি বুলি বিভিন্ন জনে কয় । সাম্প্ৰতিক সময়ত ভৈৰৱকুণ্ডৰ পূৰ্বৰ সেই ঐতিহ্য বহুখিনি লোপ পাইছে । ১৯৫০ চনৰ প্ৰলয়ংকৰী ভূমিকম্পই ভৈৰৱকুণ্ডৰ বিস্তৰ ক্ষতিসাধন কৰিছিল । বৰ্তমান জামপানী আৰু ধনশিৰি নদীৰ সংগমস্হলত সেই কুণ্ডৰ চিহ্নৰ মাত্র অৱশেষহে ৰৈছেগৈ । ইয়াতেই বছৰৰ পিছত বছৰ ধৰি সমাগম হয় বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীৰ । ইপিনে অসম, অৰুণাচল আৰু ভূটান সীমান্তৰ কিছু অঞ্চলক সামৰি ২৪৪০ হেক্টৰ মাটিকালিৰে পৰিবেষ্টিত হৈ আছে ভৈৰৱকুণ্ড সংৰক্ষিত বনাঞ্চল ।  বনাঞ্চল খনৰ অধিকাংশ অৰুণাচল প্ৰদেশৰ বেদখলৰ কবলত পৰাত  আৰু ইয়াৰ উচিত সংৰক্ষণ নকৰাত বনাঞ্চল খন ধ্বংসৰ গৰাহত পৰিছে । চোৰাং চিকাৰীৰ দৌৰাত্ম্যৰ লগতে ধনশিৰি নদীৰ গৰাখহনীয়াই বনাঞ্চল খনৰ এক বৃহৎ অংশ ধ্বংস কৰি পেলাইছে ।বন বিভাগে নতুনকৈ ৰোপণ কৰা গছ গছনিবোৰে সম্প্ৰতি বনাঞ্চল খনৰ অস্তিত্ব জীয়াই ৰাখিছে বুলি কব পাৰি ।বিভিন্ন প্ৰজাতিৰ বান্দৰে ভৈৰৱকুণ্ড বনাঞ্চলত থাকিবলৈ লৈছিল যদিও সম্প্ৰতি প্ৰকৃতিৰ বাতাৱৰণৰ পৰিৱৰ্তন ঘটাত বনাঞ্চল খনত একাংশ প্ৰজাতিৰ বান্দৰ ক্ৰমাৎ বিলুপ্ত হৈ পৰিছে । একেদৰে বনাঞ্চল খনৰ পৰা ব্যাপক হাৰত হ্ৰাস পাইছে বিভিন্ন প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাই-চিৰিকটি । ভৈৰৱকুণ্ডক পৰ্যটনস্হলী হিচাপে গঢ়ি তুলিবলৈ হলে আমি ইয়াৰ বনাঞ্চল সমূহ ৰক্ষা কৰিবই লাগিব । প্ৰাকৃতিক সম্পদত চহকী আমাৰ ৰাজ্য খনৰ অন্যান্য ঠাইৰ লগতে এই জৈৱ-বৈচিত্ৰ্যময় ভৈৰৱকুণ্ডতো পৰ্যটন উদ্যোগ গঢ়ি উঠিলে আৰ্থ-সামাজিক দিশত ই যথেষ্ট বৰঙণি আগবঢ়াব বুলি কব পাৰি ।ভৈৰৱকুণ্ডৰ পাহাৰৰ অপৰূপ সৌন্দৰ্য, ভূটান সীমান্তত থকা ওলোমা দলং , পুৰণি শিৱ মন্দিৰ, বৌদ্ধ মন্দিৰ, মন্দিৰ প্ৰাংগণত থকা প্ৰকাণ্ড প্ৰকাণ্ড শিল, ধনশিৰি নৈৰ পকী বান্ধ তথা নিৰ্মীয়মান ধনশিৰি জলসিঞ্চন প্ৰকল্প, জলবিদ্যুৎ প্ৰকল্প, তদুপৰি ভূটান আৰু নামনি  এলেকাত গঢ়ি উঠা সুৰাৰ বিপণী, কমলাৰ বজাৰ  (স্থানীয় আৰু ভূটীয়া), ভূটীয়া  পোহনীয়া কুকুৰৰ পোৱালী আদিৰ ব্যৱসায় তথা সহজলভ্যই সকলোকে আকৰ্ষণ কৰে । ভৈৰৱকুণ্ডক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তুলিলে বি টি আৰৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনীয়তা স্পষ্ট হৈ পৰিছে । পৰ্যটন উদ্যোগৰ উন্নয়নৰ কাৰণে সাধাৰণতে যাতায়তৰ সু-ব্যৱস্থা, পৰ্যটক, ভ্ৰমণ কাৰীৰ থকা-খোৱাৰ বাবে সু-ব্যৱস্থা, অৰণ্যৰ ভিতৰত বিচৰণ আৰু পৰ্যবেক্ষণৰ সুবিধাৰ্থে হাতীৰ ব্যৱস্থা কৰা ইত্যাদি গুৰুত্বপূৰ্ণ দিশসমূহৰ উন্নয়ন সাধন কৰিলে ভৈৰৱকুণ্ডতো পৰ্যটন উদ্যোগ সহজেই গঢ়ি উঠিব বুলি দৃঢ়তাৰে কব পাৰি । ভৈৰৱকুণ্ডৰ কাষৰীয়া অঞ্চল হিচাপে ৰৌতা, ওদালগুৰি, কাহিবাৰী আদি ঠাইত পৰ্যটকৰ উপযোগীকৈ কোনো ৰুচিসন্মত হোটেল আৰু পৰ্যটক নিৱাস গঢ়ি নুঠাত দেশ-বিদেশৰ পৰা অহা পৰ্যটক সকলৰ আলৈ আথানিৰ সীমা নোহোৱা হয় । ইফালে মহামাৰী কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এইবেলি ভূটান সীমান্ত বন্ধ থকাত দৰ্শনাৰ্থী সকলে ভূটান এলেকা পৰিদৰ্শনৰ পৰা বঞ্চিত হবলগীয়া হৈছে । ভৈৰৱকুণ্ডৰ এই নৈসৰ্গিক বনভোজথলীয়ে   এতিয়া ৰাজ্যখনৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যথেষ্ট গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে ।

No comments