ৰমজান আলী উত্তৰ বৰপেটা, ১৭ জানুৱাৰীঃ বৰপেটাৰ মেধিৰটাৰীত মাঘ বিহু (পুষুৰা মেলা)ৰ নামত অশ্লীলতাৰ বেহা ৷ বৰপেটাৰ জনীয়া সমষ্টিৰ মেধিৰট্টাৰীত ব...
ৰমজান আলী উত্তৰ বৰপেটা, ১৭ জানুৱাৰীঃ বৰপেটাৰ মেধিৰটাৰীত মাঘ বিহু (পুষুৰা মেলা)ৰ নামত অশ্লীলতাৰ বেহা ৷ বৰপেটাৰ জনীয়া সমষ্টিৰ মেধিৰট্টাৰীত বিজেপি নেতা আবদুল মতলেবৰ উদ্যোগত অনুষ্ঠিত হৈছিল মাঘ বিহুৰ মেলা ৷ কেবাজনো বিজেপি নেতাই অংশগ্ৰহন কৰা এই মেলাতেই অনুষ্ঠিত হৈছিল চিত্ৰহাৰ ৷ যৌন উত্তেজক হিন্দী গীতৰ তালে নচা নৃত্যক লৈ অঞ্চলটেত সৃষ্টি হৈছিল প্ৰতিক্ৰীয়াৰ ৷ তাৰপিচতেই ৰাইজৰ ৰোষৰ পৰা হাত সৰাৰ বাবে বিজেপি নেতা তথা মেলাৰ উদ্যোক্তা আবদুল মতলেবে নাটকীয় কায়দাৰে হাতত লাঠি লৈ বন্ধ কৰে নৃত্যৰ অনুষ্ঠান ৷ কিন্তু প্ৰশ্ন হয় -মাঘ বিহুৰ নামত অশ্লীল নৃত্যৰ এই অনুষ্ঠানৰ আয়োজন কৰিছিল কিয় উদ্যোক্তা সকলে ৷ তাকে লৈ বৰপেটাত সৃষ্টি হৈছে প্ৰতিক্ৰীয়াৰ ৷ ইপিনে এই প্ৰতিক্ৰীয়াৰ মাজতেই আয়োজক সমিতিয়ে কালি নিশা এখন সংবাদমেল অনুষ্ঠিত কৰি নিজৰ নিৰ্দোষিতাৰ প্ৰমান দিব বিচাৰে ৷
No comments