ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,৪ জানুৱাৰী : যোৰহাটৰ অন্যতম সাংস্কৃতিক গোষ্ঠী গতিৰ উদ্যোগত শিক্ষয়িত্ৰী যোগেশ্বৰী বৰাৰ স্মৃতিত সোমবাৰে যোৰহাটৰ দানবী...
ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,৪ জানুৱাৰী : যোৰহাটৰ অন্যতম সাংস্কৃতিক গোষ্ঠী গতিৰ উদ্যোগত শিক্ষয়িত্ৰী যোগেশ্বৰী বৰাৰ স্মৃতিত সোমবাৰে যোৰহাটৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত জীৱন জোৰা সাধনা বঁটা আৰু খালেদা খাতুন সোঁৱৰণী সমাজ সৌৰভ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । বিশিষ্ট শিক্ষয়িত্ৰী যোগেশ্বৰী বৰা সোঁৱৰণত জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হয় শিক্ষাবিদ তথা সমাজকৰ্মী শশীপ্ৰভা বৰগোহাঁই আৰু শিক্ষাবিদ তথা সাৰথি বৃদ্ধাশ্ৰমৰ তত্বাবধায়ক মলিকা ৰহমানক । এই বঁটাত আছে এখন শৰাই ,প্ৰশস্তি পত্ৰ , চেলেং, অংগবস্ত্ৰ ,স্মাৰক আৰু কিতাপৰ টোপোলা । লগতে ২০২০ খালেদা খাতুন সোঁৱৰণী সমাজ সৌৰভ বঁটা প্ৰদান কৰা হয় সাংস্কৃতিক কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক থানেশ্বৰ নেওগক । এই বঁটা ড0 নাজনীন আহমেদে তেওঁৰ মাতৃ খালেদা খাতুনৰ স্মৃতিত প্ৰদান কৰে । আনহাতে একেটা অনুষ্ঠানতে বিশিষ্ট লেখক ড0 বিপিন খঙিয়াৰ "সেউজ বনানী আৰু বনানীকৰণ " শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰা হয় । উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ড0 বিপিন খঙিয়া , বিশিষ্ট অতিথি সঞ্জীৱ কাকতি , শিক্ষাবিদ ধীৰেন গগৈ আৰু ড0 দিপালী খাৰঘৰীয়াকে আদি কৰি কেইবাজনো বিশিষ্ট লোক ।
No comments