Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাউলীৰ জয়পুৰত শিক্ষা সজাগতা সভা সম্পন্ন

গণবাৰ্তা,হাউলী,২৫ জানুৱাৰীঃ বৰপেটা জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ কিছু সংখ্যক অধ্যাপক- অধ্যাপিকাৰ দ্বাৰা পৰিচালিত "ছ'ছাইটি ফৰ বেটাৰ টুম...


গণবাৰ্তা,হাউলী,২৫ জানুৱাৰীঃ বৰপেটা জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ কিছু সংখ্যক অধ্যাপক- অধ্যাপিকাৰ দ্বাৰা পৰিচালিত "ছ'ছাইটি ফৰ বেটাৰ টুমৰো"ৰ উদ্যোগত জয়পুৰ বজাৰৰ বিভিন্ন সংগঠনৰ সহযোগত ৰবিবাৰে আবেলি ৪ বজাত এখন শিক্ষা সজাগতা সভা অনুষ্ঠিত হয় | "ছ'ছাইটি ফৰ বেটাৰ টুমৰো"ৰ সভাপতি অধ্যাপক তাইজ উদ্দিন আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা শিক্ষা সজাগতা সভাত মধ্য কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ চান্দ মহম্মদ আলী , বিটিচিৰ অৱসৰপ্ৰাপ্ত শিক্ষা সঞ্চালক খবিৰ আহমেদ, সৰভোগ বৰনগৰ কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আবতাব উদ্দিন আহমেদে উপস্থিত থাকি অসমৰ অনগ্ৰসৰ, অৱহেলিত জনগোষ্ঠীৰ শৈক্ষিক, আৰ্থ-সামাজিক তথা অন্যান্য সমস্যা সমূহৰ কাৰণ  আৰু কাৰকৰ বিশ্লেষণৰ জৰিয়তে সেইবোৰৰ প্ৰতিকাৰৰ ওপৰত তত্বগধুৰ বক্তব্য আগবঢ়ায় |সভাত "ছ'ছাইটি ফৰ বেটাৰ টুমৰো"ৰ দ্বাৰা গৱেষণামূলক গ্ৰন্থ "ট্ৰুথ" উন্মোচন কৰে শিক্ষাবিদ ড০ চান্দ মহম্মদ আলীয়ে | উক্ত সভাত অৱসৰপ্ৰাপ্ত অধ্যাপকদ্বয় আব্দুল মান্নাফ শিকদাৰ ,আব্দুল ওৱাৰিশ, অৱসৰপ্ৰাপ্ত শিক্ষক খন্দকাৰ আব্দুল হামিদ, আমছুৰ প্ৰাক্তন উপ সভাপতি আবু তাহেৰ আদিয়ে উপস্থিত থাকে | 

No comments