Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঢেকীৰ চাবত অঞ্চল কপাঁই ভোগালীক আদৰিবলৈ সাজু মৰিগঞাঁ ৰাইজ

 বাবু মনি শৰ্মা,মৰিগাঁও,১২ জানুৱাৰী: অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাজত মাথো কেইঘন্টামান সময়। কৰ'না মহামাৰীৰে বছৰটোত ত্ৰাসৰ সৃষ্ট...


 বাবু মনি শৰ্মা,মৰিগাঁও,১২ জানুৱাৰী: অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাজত মাথো কেইঘন্টামান সময়। কৰ'না মহামাৰীৰে বছৰটোত ত্ৰাসৰ সৃষ্টি কৰাৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালীক আদৰাৰ প্ৰস্তুতি চলোৱাৰ সমান্তৰালকৈ মৰিগাঁৱটো ভোগৰ ভোগালীক বিগত বৰ্ষৰ দৰে মৰিগাঁৱবাসীয়ে আদৰিবলৈ সাজু হৈ উঠিছে। মৰিগঁঞা কৃষকে আঘোণ মাহতে সোণগুটি চপাই হেঁপাহৰ ভোগালী বিহুলৈ আনন্দৰে অপেক্ষা কৰি অহাৰ পৰিলক্ষিত হৈছে। জিলা খনৰ বিভিন্ন অঞ্চলত ভোগালী বিহুকলৈ জীয়ৰী -বোৱাৰী সকল এতিয়া প্ৰায় ব্যস্ত হৈ পৰিছে। মৰিগঁঞা ৰাইজৰ ঢেকীৰ শব্দই চৌদিশ যেন ভোগালীৰ বতৰা কঢ়িয়াই আনিছে । মৰিগঁঞা কৃষকে মাছুৰি, জহা,বৰা,ৰঞ্জিত,মাকৰি, আইজং আদি বিভিন্ন ধানেৰে কৃষকৰ সপোনৰ ভড়াঁলটো ভৰাইছে। তদুপৰি অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰাম্যাঞ্চলৰ লগতে মৰিগঁঞা ৰাইজৰ মাজত ঘৰে ঘৰে আঘোণ মাহৰ পৰা ন -খোৱা, চুঙা পিঠা বনাই খোৱা পৰ্ব ইতিমধ্যে আৰম্ভ হৈ আহিছে। শীতৰ পৰা পৰা হাত সাৰিবলৈ গাঁৱৰ ককা-আইতাসকলে সন্ধিয়া হোৱাৰ লগে লগে জুইৰ ওচৰত বহি উম লোৱাৰ লগতে পিঠা চাহ খোৱা দৃশ্যই হেপাঁহৰ ভোগালীক আদৰাৰ যেন পৰিলক্ষিত হৈছে। মৰিগাঁও জিলাৰ অন্তৰ্গত মিকিৰভেটা,দলৈচুৱা, দন্দুৱা, ভুৰবন্ধা, চৰাইবাহী, বৰভগীয়া, কাচধৰা, বৰঙাবাৰী, কাহিবাৰী, গেৰুৱা,দমাল আদিৰ দৰে বিভিন্ন অঞ্চল সমূহত এতিয়া ডেকাসকল পথাৰত ন'ৰা কাটি ভেলা ঘৰ, মেজি বনোৱাত ব্যস্ত। বহুতো অঞ্চলত ইতিমধ্যে ভেলা ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে । পৰম্পৰাগত ভাবে জাকপাতি গঞাঁ জীয়ৰী-বোৱাৰীৰ ঢ়েকীৰ চাবত খান্দহ, কৰাইগুৰী, বৰা চাউলৰ পিঠাগুড়ি আদি খুন্দি প্ৰায় শেষ কৰিছে। এতিয়া মৰিগঞাঁ ৰাইজে তিল পিঠা, নাৰিকল পিঠা, লাৰু আদি পৰম্পৰাগত পিঠা-পনা বনোৱাত ভীষণ ব্যস্ত। উল্লেখনীয় যে-বিজ্ঞানৰ অগ্ৰগতিয়ে ঢেকীত পিঠাগুড়ি খুন্দা কাৰ্যকমণিকাকে  সলনি কৰি পেলালেও গঞাঁ ৰাইজে ইঘৰে-সিঘৰে মকামিলা কৈ ঢেকীত পিঠাগুড়ি খুন্দি, পিঠা-পনা বনাই এক সামাজিক ভাৱে একতাৰ দোলেৰে বান্ধ খাই ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি পৰম্পৰাগত ভাবে চলাই নিছে। গঞাঁ ৰাইজৰ দুকমুকালিতেই শুনা ঢেকীৰ শব্দই যেন মৰিগঞাঁ ৰাইজৰ ভোগালীক লৈ উৎসাহৰ সীমা নাই। গাঁৱৰ ওচৰ- চুবুৰীয়াই ইঘৰে সিঘৰে চুঙা পিঠা,তিল পিঠা খোৱা পৰ্ব ইতিমধ্যে আৰম্ভ কৰি সমিলমিলে গঞাই আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে। আনহাতে, জিলা খনত ভোগালী বিহুৰ উপলক্ষে পৰম্পৰাগত পিঠা-পনা, বৰা চাউল, দৈ ,কাঠআলু আদিয়েও বজাৰ ভৰি পৰিছে।দিন ৰাতি একাকাৰ কৰি কুঁহিয়াৰ খেতি কৰা মৰিগঞাঁ কৃষক সকলেও গুৰ প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰিছে। বজাৰত গুৰৰ চাহিদা বৃদ্ধি পাইছে, কিয়নো ভোগালী বিহু জলপানৰ লগত গুৰ নহলে সোৱাদেই অসম্পূৰ্ণ।ভোগালী বিহুৰ উৰুকাৰ নিশা গঞাঁ ৰাইজে ভেলা ঘৰত ওচৰ চুবুৰীয়াই লগে ভাগে এসাঁজ খাই আনন্দ উপভোগ কৰিব। বিহুৰ দিনা পুৱাৰ ভাগত সকলোৱে সাতামপুৰুষীয়া নীতি নিয়মৰ মাজেৰে ভেলা ঘৰ বা মেজি জ্বলাই অগ্নি সেৱা কৰিব। ভেলাঘৰ বা মেজিৰ তাপত দেশৰ অপশক্তি নাশ হোৱাৰ লগতে সকলোৱে জীৱন সুখ-শান্তিৰে উপচি পৰাৰ বাবে মৰিগঞাঁ ৰাইজে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব। ইপিনে, বিহুৰ দিনাৰ পৰা আলহী আপায়নত ব্যস্ত হৈ পৰিব মৰিগাঁবাসী। ঢেকীৰ চাবত অঞ্চল কপাঁই ভোগালীক আদৰিবলৈ ইতিমধ্যে সাজু হৈ উঠিছে মৰিগঞাঁ ৰাইজ।


No comments