Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিফুত সুস্বাস্থ্য আৰু সম্প্ৰীতিৰ বাবে হাফ মাৰাথন প্ৰতিযোগিতা

গণবাৰ্তা বিশেষ,ডিফু ৩১ জানুৱাৰীঃ  কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া কার্বি নৱবৰ্ষৰ প্রাকক্ষণত আজি নিচেই পুৱাৰ ভাগত ডিফুৰ হােৱাইট ড'ভ চছাইটী...


গণবাৰ্তা বিশেষ,ডিফু ৩১ জানুৱাৰীঃ  কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া কার্বি নৱবৰ্ষৰ প্রাকক্ষণত আজি নিচেই পুৱাৰ ভাগত ডিফুৰ হােৱাইট ড'ভ চছাইটীৰ উদ্যোগত ডিফুৰ সমীপৱতী বিৰলাৰ পৰা মাঞ্জা তথা পুনৰ মাঞ্জাৰ পৰা বিৰলালৈকে এক হাফ মাৰাথন প্রতিযােগিতা অনুষ্ঠিত কৰা হয়। সুস্বাস্থ্য আৰু শান্তি সম্প্রীতিৰ বাবে খৰছিং ক্র', কাৰেং টেৰণপী আৰু কাৰে হাঞ্চেপীৰ সোঁৱৰণত উলিওৱা এই হাফ-মাৰাথন প্রতিযােগিতাত এলেকাটোৰ ভালেসংখ্যক যুৱক-যুবতীয়ে অংশগ্রহণ কৰা প্ৰতিযোগিতাটিৰ ফ্লেগ অফ কৰে জিলা ক্ৰীড়া কল্যাণ পৰিষদৰ অধ্যক্ষ ফেনপিগা ৰেংমা আৰু এভাৰেষ্ট বিজয়ী খৰছিং তেৰাঙে ৷ প্রতিযােগিতাত পুৰুষৰ শাখাত ক্রমে বিজয় ডেকা বিপুল সৎনামী আৰু ৰবীন দাসে প্রথম ,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে মহিলাৰ শাখাত ক্রমে মকাক মায়ুম, মার্টিনা মাৰাক আৰু চাংমিৰ টেৰণপীয়ে প্রথম তিনিটা শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হয়।

No comments