গণ বাৰ্তা, শালবাৰী, ১২ জানুৱাৰী : মঙ্গলবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলীত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ (ABMSU)ৰ কেন্দ্ৰ...
গণ বাৰ্তা, শালবাৰী, ১২ জানুৱাৰী : মঙ্গলবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলীত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ (ABMSU)ৰ কেন্দ্ৰীয় সমিতি মত বিনিময় সভা অনুষ্ঠিত হয়৷ যত উপস্থিত থাকে সভাপতি আশ্ৰাফুল হুছেইন, সাধাৰণ সম্পাদক টাইচন হুছেইন৷ এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যাগত আৰু শালবাৰী জিলা সমিতিৰ সহযোগত মত বিনিময় ও প্ৰীতিভোজত সভাত এবিএমছুৰ ১০ খনকৈ জিলা সমিতিৰ উপস্থিতিত অনুষ্ঠিত হয় এই মত বিনিময় সভা৷ মানাহৰ বনভোজস্থলীৰ পৰাই নতুন চৰকাৰলৈ হুংকাৰ প্ৰদান কৰে এবিএমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক টাইচন হুছেইন৷ তেও কয় এবিএমছুৰ কোনো দ্বিতীয় গোট নাই কোনোবা ছদ্মবেশী, নামধাৰী, ব্যক্তিয়ে ব্যক্তিস্বাৰ্থত এবিএমছুৰ নাম ব্যৱহাৰ কৰিছে বুলি স্পষ্ট কৰে ছাত্ৰ নেতাগৰাকীয়ে। আৰু শেসতীয়াকৈ প্ৰমোদবড়ো চৰকাৰে কিছুদিন পূৰ্বে ৩৭ টাকৈ সামাজিক সংগঠনক নিমন্ত্ৰণ কৰি মতবিনিময় কৰাৰ প্ৰসঙ্গত কয়- বি টি আৰৰ নতুন চৰকাৰখনে সকলো জনগোষ্ঠীয় সংগঠনক চৰকাৰী মত বিনিময় সভাত নিমন্ত্ৰণ কৰিলে কিন্তু নিমন্ত্ৰণৰ পৰা বঞ্চিত কৰিলে বি টি আৰৰ দ্বিতীয় বৃহৎ ধৰ্মী সংখ্যালঘু জনগোষ্ঠীয় ছাত্ৰ সংগঠন এবিএমছুক।সেয়ে আমি কও আমাক চৰকাৰখনে নিমন্ত্ৰণ নকৰিলে, আমিও নিমন্ত্ৰণৰ আশাৰে বাট চাই থকা নাই। কিন্তু এটা কথা স্পষ্ট চৰকাৰৰ পৃষ্ঠপোষকতাত, চৰকাৰৰ ছত্ৰছায়াত কিন্তু সুবিধাবাদীৰহে জন্ম হয়। আমি চৰকাৰ গঠন মূলক কামত সহযোগ কৰিম আৰু যদি চৰকাৰৰ কামৰ দ্বাৰা সমগ্ৰ বিটিআৰ অঞ্চলৰ কোনোবা ব্যক্তিৰ এক ইঞ্চি ক্ষতিও হয়, তাৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ কৰিব এবিএমছুয়ে।
No comments