Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নলবাৰীত লালনছ কোচিং ক্লাছেজ আৰু লালনছ ইণ্টিগ্ৰেটেড একাডেমীৰ শাখা মুকলি

  ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ১২ জানুৱাৰীঃ  সমগ্ৰ নামনি অসমক লক্ষ্য কৰি নলবাৰীত মুকলি কৰা হয় নতুন শাখা ৷ ৰাজ্যৰ আগশাৰীৰ কোচিং ইনষ্টিটিউট আৰ...


 ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ১২ জানুৱাৰীঃ সমগ্ৰ নামনি অসমক লক্ষ্য কৰি নলবাৰীত মুকলি কৰা হয় নতুন শাখা ৷ৰাজ্যৰ আগশাৰীৰ কোচিং ইনষ্টিটিউট আৰু পূৰ্ণাঙ্গ একাডেমী ললানছ কোচিং ক্লাছেজ আৰু লালনছ ইণ্টিগ্ৰেটেড একাডেমীয়ে যোৱা দহ জানুৱাৰীত নামনি অসমক সামৰি লোৱাৰ উদ্দেশ্যেৰে নলবাৰী জিলাৰ পাইকাৰকুছিত এটা নতুন শাখা মুকলি কৰে।নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা আৰু অন্যান্য স্থানীয় বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ললানছ কোচিং ক্লাছেজ আৰু ললানৰ ইণ্টিগ্ৰেটেড একাডেমীৰ নতুন শাখাটো উদ্বোধন কৰা হয়।প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক লালন কুমাৰে উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকি কয় যে লালনছ কোচিং ক্লাছেজ আৰু লালনছ ইণ্টিগ্ৰেটেড একাডেমীয়ে তেওঁলোকৰ এই নতুনকৈ খোলা শাখাটোতো আনবোৰ শাখাৰ লেখীয়াকৈ মানসম্পন্ন শিক্ষা প্ৰদানৰ ধাৰা অব্যাহত ৰাখিব। পৰিচালন সঞ্চালকগৰাকীয়ে লগতে আশ্বাস প্ৰদান কৰে যে এই কোচিং ইনষ্টিটিউট আৰু ইণ্টিগ্ৰেটেড একাডেমীয়ে অসমকে ধৰি অন্যান্য জিলাতো অধিক শাখা মুকলি কৰিব। ইফালে লালনছ ক্লাছেজ আৰু লালনছ ইণ্টিগ্ৰেটেড একাডেমীৰ পৰামৰ্শদাতা তথা মুখ্য উপদেষ্টা ৰমেশ মালহোট্ৰাই কয়- 'এই কোচিং ইনষ্টিটিউট আৰু ইণ্টিগ্ৰেটেড একাডেমীয়ে উজ্জলা অভিযান, বেটি বচাও বেটি পঢ়াও অভিযান আৰু জয় জোৱান জয় কিষাণ আৰু অন্যান্য বিভিন্ন আঁচনিৰ অধীনৰ শিক্ষাৰ্থীসকললৈ বিভিন্ন ছাত্ৰবৃত্তিও আগবঢ়াব।'

No comments