গণবাৰ্তা গৌৰীপুৰ, ১০ জানুৱাৰী: আগন্তক বিধান সভা নিৰ্ৱাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দ’ল সমুহৰ মাজত তৎপৰতা চলি থকা সময়তে ...
গণবাৰ্তা গৌৰীপুৰ, ১০ জানুৱাৰী: আগন্তক বিধান সভা নিৰ্ৱাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দ’ল সমুহৰ মাজত তৎপৰতা চলি থকা সময়তে কংগ্ৰেছ , AIUDF ৰ ঘাটি বুলি পৰিচিত ২৪ নং গৌৰীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত আলমগঞ্জ পঞ্চায়তৰ চিতলকাটি গাওঁত সংখ্যালঘু ৰাইজৰ বিজেপি দ’লত যোগদানৰ হেতাওপৰা চলিছে ৷ আজি গৌৰীপুৰ বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি ৰেছবীন চুলতান আহমেদৰ নেতৃত্বত , ধুবুৰী জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ সভাপতি গুলৱদন বানু মণ্ডল, সহযোগত ধুবুৰী জিলা বিজেপিৰ সভাপতি দেৱময় শ্যানাল, সোনালী ভট্টাচাৰ্য, মিৰ্জা খাঁন, ছফিকুল ইছলাম, সুশান্ত কৰ, ভদ্ৰেশ্বৰ নাথ আৰু আবু ছাহেদ আহমেদৰ উপস্থিত চিতলকাটি গাওঁৰ আজিজুল হকৰ পৰিয়ালৰ লোকৰ সৈতে প্ৰায় তিনি শতাধিক পুৰুষ মহিলাই আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰা বুলি জনা গৈছে ৷ বিগত দিনত বিজেপি চৰকাৰে মোকলাই দিয়া উন্নয়ন মূলক আঁচনি সমুহৰ দ্বাৰা ৰাইজ যথেষ্ট উপকৃত হোৱাত অঞ্চলটোৰ ৰাইজ সকলো বিভিন্ন ধৰণৰ উন্নয়ন মূলক আঁচনিৰ কাম-কাজৰ প্ৰতি আকৃষ্ট হোৱাৰ পৰিপেক্ষিতত ৰাইজে বিজেপি দ’লৰ প্ৰতি আপলুত হৈ যোগদান কৰাৰ বাৱে হেতাওপৰা চলাইছে বুলি জানিব পৰা গৈছে ৷ বিজেপি চৰকাৰে সৱকে সাথ, সৱকে বিকাশ আৰু সৱকে বিশ্বাশৰ প্ৰতি ৰাইজে সঁহাৰী জনাই স্বত্বঃফুত্ব ভাৱে দ’লে বলে বিজেপি দ’লত যোগদান কৰি আছে ৷ বিশেষকৈ মোদী চৰকাৰে মহিলা সকলৰ বাৱে যুগতোৱা আঁচনী সমুহৰ দ্বৰা সংখ্যালঘু মহিলা সকলে বাৰুকৈ উপকৃত হোৱাত গাওঁ-ভুঞে থকা মহিলা এই বেলি যোগদান কাৰ্য্য সূচীত ব্যাপক হাৰত যোগদান কৰা দেখা গৈছে ৷
No comments