ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট, ২৫ জানুৱাৰীঃ 'ভাৰতবৰ্ষত দেৱী পূজা কৰা হয়, ই প্রমাণ কৰে আমাৰ সমাজত মহিলাৰ স্থান কিমান উচ্চ | কিন্তু আজি অৰ্থন...
ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট, ২৫ জানুৱাৰীঃ 'ভাৰতবৰ্ষত দেৱী পূজা কৰা হয়, ই প্রমাণ কৰে আমাৰ সমাজত মহিলাৰ স্থান কিমান উচ্চ | কিন্তু আজি অৰ্থনৈতিক, সামাজিক ,ৰাজনৈতিক, ধৰ্মীয়, সাংস্কৃতিক সকলো স্তৰতে মহিলাসকল শোষণৰ বলি হ'ব লগা হৈছে | গাৰ্হস্থ্য হিংসাৰ ফলত বহুত মহিলাৰ জীৱন দুৰ্বিসহ হৈ পৰিছে | আজিৰ এই একৈশ শতিকাতো মহিলাসকলক বহু ধৰ্মীয় অনুষ্ঠানৰ পৰা আঁতৰত ৰখা হয় | ৰাজনৈতিকভাৱে এতিয়াও ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা নহ'ল | এনে অৱস্থাত মহিলাই নিজৰ নেতৃত্ব নিজে লোৱাৰ লগতে দেশৰ সামগ্রীক নেতৃত্ব লবলৈ আগবাঢ়ি আহিব লাগিব | আজিৰ দেশৰ সাম্প্রদায়িক বাতাবৰণে মহিলাক আৰু অসুৰক্ষিত কৰি তুলিছে | লাভ জেহাদৰ দৰে শব্দৰ আৱিস্কাৰ কৰি মহিলাৰ পৰা প্রেম ভালপোৱাৰ অধিকাৰো কাঢ়ি নিয়াৰ প্রয়াস কৰিছে বিজেপি চৰকাৰে | সেয়ে ৰাইজৰ দলৰ মহিলা কোষে সঁচা অৰ্থত এখন সম অধিকাৰ সম মৰ্যদাৰ সমাজ প্রতিষ্ঠা কৰিবলৈ আগবাঢ়ি আহিব লাগিব | ' এই মন্তব্য ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি শৰ্মাৰ | আজি যোৰহাট প্রেছ ক্লাবত ৰাইজৰ দলৰ মহিলা কোষ গঠনৰ সভাত সভাপতিত্ব কৰি দিব্যজ্যোতি শৰ্মাই মহিলাই অৰ্ধ আকাশ নহয় পূৰ্ণ আকাশৰ বাবে কাম কৰিব লাগিব বুলি কয় | ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিক সম্পাদিকা গীতাঞ্জলি গগৈয়ে আঁত ধৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে দলৰ উপ সভানেত্রী গীতাঞ্জলি বৰাই | সভাত ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ বৰদলৈ, দলৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক পাৰ্থ সাৰথি শইকীয়া ,সাধাৰণ সম্পাদিকা পাপৰি গগৈ, সূৰ্যমোহন দাস, প্রমোদ গগৈ আদি উপস্থিত থাকি বক্তব্য প্রদান কৰে | সভাত যোৰহাটৰ বিশিষ্ট মহিলা ববীতা ফুকন ,ৰূপ ৰেখা দেৱী ,জেচমিন বেগম সহ প্রায় ৫০ গৰাকী মহিলাই ৰাইজৰ দলত যোগদান কৰে | সভাই পূৰ্ণীমা কাকতি , বীনা গগৈক উপদেষ্টা, গীতাঞ্জলি বৰাক সভানেত্রী, অনুৰাধা বৰচেতীয়াক কাৰ্যকৰী সভানেত্রী,ববীতা ফুকন, দীপ্তী ৰাজখোৱা, প্রমীলা দাস আৰু অনুস্মীতা গগৈক উপ সভানেত্রী, গীতাশ্রী শইকীয়া, ৰচিদা বেগম,ৰুচি গগৈক সাধাৰণ সম্পাদিকা হিচাপে নিৰ্বাচিত কৰি এখন ৫১ জনীয়া শক্তিশালী জিলা সমিতি গঠন কৰে | সভাই অখিল গগৈক শীঘ্রে মুকলি কৰি দি আগন্তুক নিৰ্বাচনত মুখামুখি হ'বলৈ বিজেপিক প্রত্যাহ্বান জনাই প্রস্তাৱ গ্রহণ কৰে |
No comments