Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মৰিগাঁৱত নকল খৰ্গসহ এজনক আটক আৰক্ষীৰ

  মৰিগাঁও,৫ জানুৱাৰী: মৰিগাঁও জিলাৰ জাগীৰোড ৰেল গেটত আজি মৰিগাঁও আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত চলোৱা এক অভিযানত এটা নকল গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিব...


 মৰিগাঁও,৫ জানুৱাৰী: মৰিগাঁও জিলাৰ জাগীৰোড ৰেল গেটত আজি মৰিগাঁও আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত চলোৱা এক অভিযানত এটা নকল গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে এজন লোকক আটক কৰে আৰক্ষীয়ে। জানিব পৰা মতে, মৰিগাঁও জিলাৰ ঝাৰগাঁও, মায়ং- বুঢ়াবুঢ়ী অঞ্চলত এটা দুষ্ট চক্ৰই দীৰ্ঘদিন ধৰি নকল গড়ঁ খৰ্গ বনাই ২০ লাখ টকালৈ বিক্ৰী কৰি আহিছে ৷ এই খবৰৰ ভিত্তিত  মৰিগাঁও জাগীৰোড সংযোগী ৰেল গেটত এখন গ্লেমাৰ বাইকেৰে কঢ়িয়াই নি থকা অৱস্থাত মৰিগাঁও আৰক্ষীয়ে নকল খৰ্গ সহ বিশ্বজিৎ দাস নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয়৷ আনহাতে নকল খৰ্গ ব্যৱসায়ৰ লগত জড়িত চাইফুল ইছলাম নামৰ লোকজন আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰিবলৈ সক্ষম হয়৷ ইফালে, মৰিগাঁও আৰক্ষীয়ে বিশ্বজিৎ দাসত আটক কৰি অধিক তথ্যৰ বাবে তদন্ত অৱ্যাহত ৰাখিছে। ইপিনে, আৰক্ষীয়ে নকল খৰ্গসহ আটক কৰা বিশ্বজিৎ দাস মৰিগাঁৱৰ ঝাৰগাঁৱস্থিত পূৰৱী ডায়েৰীৰ কৰ্মীচাৰী বুলি মৰিগাঁও আৰক্ষীয়ে জানিবলৈ দিয়ে।

No comments