Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাল্য বিবাহৰ বিৰুদ্ধে বৰপেটা জিলাৰ নগাঁৱত সজাগতা সভা

  গণবাৰ্তা কেওঁটকুছি, ২২ জানুৱাৰী: বৰপেটা জিলাৰ নগাওঁ খণ্ড  প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰেক্ষাগৃহত  আজি বৰ্তমান সময়ত আমাৰ সমাজ ব্যৱস্থাত চ...


 গণবাৰ্তা কেওঁটকুছি, ২২ জানুৱাৰী: বৰপেটা জিলাৰ নগাওঁ খণ্ড  প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰেক্ষাগৃহত  আজি বৰ্তমান সময়ত আমাৰ সমাজ ব্যৱস্থাত চলি থকা বাল্য বিবাহে আৰু ১৮ বছৰৰ তলত মহিলা সকলৰ গৰ্ভধাৰণে কি দৰে মহিলা সকলৰ ব্যক্তিগত জীৱনত ঋণাত্মক প্ৰভাৱ পেলাইছে আৰু এই সমস্যাৰ পৰা আমাৰ নৱ প্ৰজন্ম মুক্ত কৰি কিদৰে শৈক্ষিক, অৰ্থনৈতিক, সামাজিক ক্ষেত্ৰত আগবঢ়াই নিব পাৰি আৰু এই ক্ষেত্ৰত ধৰ্মীয় গুৰু সকলে সমাজৰ পিছপৰা অঞ্চল সমূহত লব পৰা ভূমিকা ৰ বিষয়ে এখন আলোচনা ধৰ্মী সভা অনুষ্ঠিত হয়।   নগাওঁ খণ্ড  প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড আচনি প্ৰবন্ধক নেত্ৰ কমল মেধিয়ে উদ্দেশ্য বাখ্যা কৰা সভা খনত কম বয়সত গৰ্ভধাৰণ কৰা মহিলা সকলৰ হব পৰা স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ লগতে অনাকাংক্ষিত ভাবে হব পৰা কেচুৱা আৰু মাতৃৰ মৃত্যুৰ আশংকাৰ বিষয়ে ডাঃ সুমিত কুমাৰ বাকালিয়ে বাখ্যা আগবঢ়ায়। সভাত উপস্থিত থকা বৰপেটা সদৰ থানাৰ আৰক্ষী বিষয়াই বাল্য বিবাহ ৰোধ কৰাৰ  ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ ভূমিকা আৰু তেনে অপৰাধ কৰা অভিভাৱকৰ হব পৰা আইনী শাস্তিৰ বিষয়ে বিৱৰি কয় ।  লগতে তেনে কোনো ঘটনা সমাজত পৰিলক্ষিত হলে অতি সোনকালে  আৰক্ষী প্ৰশাসনক জনোৱাৰ বাবে অনুৰোধ কৰি এই ক্ষেত্ৰত সুবিধা হোৱাকৈ এটা ফোন নম্বৰও প্ৰদান কৰে। সভাত পিৰামল ফাউণ্ডেশ্যনৰ খণ্ড উন্নয়ন বিষয়া সত্যম শৰ্মাৰ লগতে ডি.এম.ই আমিৰুল হকে বক্তব্য আগবঢ়ায় I বৰপেটা জিলাৰ নগাওঁৰ বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰায় ২৫ জন বিভিন্ন ধৰ্মৰ ধৰ্মীয় গুৰু উপস্থিত থাকি সভাৰ শোভা বৰ্ধন কৰে।

No comments