Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসম চাহ জনজাতি ছাত্র সন্থা-সাধাৰণ পৰিষদৰ বৈঠক

গণ বাৰ্তা, পাভৈ, ২৮ জানুৱাৰী:- অসম চাহ জনজাতি ছাত্র সন্থা চমুকৈ আটছাৰ  সাধাৰণ পৰিষদৰ সভা দুদিনীয়া কাৰ্যসূচীৰে আগন্তুক ৪ আৰু ৫ ফেব্ৰুৱাৰীত বি...


গণ বাৰ্তা, পাভৈ, ২৮ জানুৱাৰী:- অসম চাহ জনজাতি ছাত্র সন্থা চমুকৈ আটছাৰ  সাধাৰণ পৰিষদৰ সভা দুদিনীয়া কাৰ্যসূচীৰে আগন্তুক ৪ আৰু ৫ ফেব্ৰুৱাৰীত বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হ'ব। এই উপলক্ষে আজি অসম চাহ মজদুৰ সংঘৰ বিশ্বনাথ শাখাৰ সভাকক্ষত এখন অতি জৰুৰী সভা অনুষ্ঠিত হয়। সভাত অসম চাহ জনজাতি ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক চৰত কুৰ্মী কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাজাৰ নন্দ আৰু কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক অনন্ত চোনাই আঁতধৰা সভাত অন্যতম সাংগঠনিক সম্পাদক বাচান্ত কুৰ্মী, সন্তোষ চিক, সাংগঠনিক সম্পাদক ঐৱন তাঁতী, প্ৰচাৰ সম্পাদক মিন্টু ভূমিজ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাজাৰ নন্দ, ৰাজু কুৰ্মী সভাত উপস্থিত থাকে। বিশ্বনাথ জিলা চাহ জনজাতি ছাত্র সন্থাৰ সৌজন্যত তথা বিশ্বনাথ শাখা আটছাৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া সাধাৰণ পৰিষদৰ সভাত প্ৰায় পাঁচ শতাধিক সদস্য-সদস্যা অংশগ্ৰহণ কৰিব। এই উপলক্ষে আজি বিভিন্ন ধৰণৰ সাংগঠনিক দিশা পৰামৰ্শ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতিনিধিয়ে বিশ্বনাথ জিলা আটছাৰ সভাপতি ধীৰাজ তাঁতী আৰু নিলোৎপল ৰবিদাসলৈ আগবঢ়ায় কাৰ্যসূচীৰ সফল ৰূপায়ন কামনা কৰে।  আজিৰ অনুষ্ঠিত সভাত বিশ্বনাথ জিলাৰ সভাপতি ধীৰাজ তাঁতী, সম্পাদক নিলোৎপল ৰবিদাস তথা বিশ্বনাথ শাখাৰ সভাপতি মহেশ ছত্ৰী আৰু সম্পাদক বিকাশ কুৰ্মীৰ উপৰিও অসম চাহ জনজাতি ছাত্র সন্থাৰ বিশ্বনাথ শাখাৰ প্ৰাক্তন উপ-সভাপতি তথা  গোলাম ৰচুল আলী জলহা উপস্থিত থাকে। আজিৰ সভাই অনুষ্ঠিতব্য সাধাৰণ পৰিষদখন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ব্যাপক সাংগঠনিক তৎপৰতা লোৱা পৰিলক্ষিত হয়। সভাৰ কেন্দ্ৰীয় সমিতিৰ এক পৰ্যবেক্ষক দলে আজি ক্ষেত্ৰসমূহ  পৰ্যবেক্ষণ কৰি সভাৰ বাবে লোৱা পদক্ষেপ সমূহৰ বুজলৈ কেন্দ্ৰীয় সমিতিলৈ প্ৰতিবেদন পঠিয়াই। সভাৰ আৰম্ভণিতে বিশ্্বনাথ জিলা আটছাৰ সভাপতি সম্পাদক ক্ৰমে ধীৰাজ তাঁতী নিলোৎপল ৰবিদাস, বিশ্বনাথ শাখাৰ সভাপতি মহেশ ছত্ৰী আৰু সম্পাদক বিকাশ কুৰ্মীয়ে কেন্দ্ৰীয় নেতৃত্বৰ লগতে বিশ্বনাথ শাখাৰ প্ৰাক্তন উপ-সভাপতি গোলাম ৰচুল আলী জলহাক  ফুলাম গামোছাৰে আদৰণী জনোৱা হয়। 

No comments