গণ বাৰ্তা বিশেষ, লখিমপুৰ ২০ জানুৱাৰী : লখিমপুৰ জিলাৰ বগীনদী দৈনিক বজাৰত আজিৰে পৰা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ হোৱা ডায়মণ্ড ইনষ্টিটিউট অৱ কম্...
গণ বাৰ্তা বিশেষ, লখিমপুৰ ২০ জানুৱাৰী : লখিমপুৰ জিলাৰ বগীনদী দৈনিক বজাৰত আজিৰে পৰা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ হোৱা ডায়মণ্ড ইনষ্টিটিউট অৱ কম্পিউটাৰ এণ্ড প্ৰফেচনেল স্কীল নামৰ এখন উদ্বোধনী অনুষ্ঠানত বগীনদীত আহি উপস্থিত হোৱা লখিমপুৰ জিলাৰ কে বি ৰোড নিৱাসী বিশিষ্ট উদ্ভাৱক তথা পদ্মশ্ৰী বঁটা প্ৰাপক উদ্ধৱ ভৰালীয়ে উদ্বোধনী ভাষণত, এখন অনুষ্ঠান গঢ় দিবলৈ, আৰম্ভ কৰাটোৱে ডাঙৰ কথা নহয়, ইয়াক গতি দিয়াটো সমাজৰ প্ৰত্যেকৰে দায়িত্ব থাকিব লাগিব বুলি মন্তব্য প্ৰদান কৰে। স্থানীয় শিক্ষিত যুৱক সুৰজিত ৰামচিয়াৰীৰ একক প্ৰচেষ্টাৰে স্থাপন কৰা এই কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠানৰ ফিটা কাটি দ্ধাৰ উদ্বোধন কৰা পিছতেই প্ৰতিষ্ঠানৰ কক্ষত আয়োজিত সভাৰ যোগেদি অনুষ্ঠানৰ উদ্বোধন কৰে। এই অনুষ্ঠানত বগীনদী প্ৰেছ ক্লাৱৰ সাংবাদিক সকলৰ লগতে ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেছনেলৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ফজলুৰ ৰহমান, বগীনদী আঞ্চলিক সমিতিৰ সভাপতি, বগীনদী ব্যৱসায় সন্থাৰ সদস্য সকলৰ লগতে বহুকেইগৰাকী প্ৰশিক্ষাৰ্থী উপস্থিত থাকে ।
No comments