Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কৌটিপতি চূণ বেপাৰী অজয় গগৈক শ্ৰীনিবাস গুজৰাট প্ৰাইভেট কোম্পানীৰ সম্বৰ্ধনা

  গণ বাৰ্তা, ডিব্ৰুগড়, ৬ জানুৱাৰীঃ ১৩ বছৰ বয়সৰ পৰা প্ৰথমে ডিকমত চূণৰ লগতে শাক-পাচলি বিক্ৰি কৰি আজি দিনত কৌটিপতি মালিক হোৱা অজয় গগৈক আজি লাহো...

 


গণ বাৰ্তা, ডিব্ৰুগড়, ৬ জানুৱাৰীঃ ১৩ বছৰ বয়সৰ পৰা প্ৰথমে ডিকমত চূণৰ লগতে শাক-পাচলি বিক্ৰি কৰি আজি দিনত কৌটিপতি মালিক হোৱা অজয় গগৈক আজি লাহোৱালৰ ইকৰাতলি শ্ৰীনিবাস গুজৰাট প্ৰাইভেট কোম্পানী চৌহদত সম্বৰ্ধনা জনায় শ্ৰীনিবাস গুজৰাট প্ৰাইভেট লিমিটেড কোম্পানীৰ পৰিয়াল বৰ্গই। প্ৰয়াত পিতৃ কৃষক তথা মাতৃয়ে আনৰ ঘৰত ভূঁই ৰুই ডাঙৰ দীঘল কৰা সন্তানে এতিয়া ৰাইজক সহায় কৰি ভাল পায়। নিজৰ কষ্ট ধনৰে উপাৰ্জন কৰা টকাৰে ৰাইজক যিমান পাৰে সহায় কৰাত আগবাঢ়ি আহে অজয় গগৈয়ে। তদুপৰি তেখেতে প্ৰায় ৪০০ জন নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। আজি অনিল ফুকনে সভাপতিত্ব কৰা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে শ্ৰীনিবাস প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী প্ৰণৱজ্যোতি শইকীয়াই। মানৱ দৰদী অজয় গগৈক শ্ৰীনিবাস প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী সকলে আজি এখন মটক সম্পদায়ৰ ফুলাম গামোছা, শৰাই, জাপি, মান পত্ৰৰে সম্বৰ্ধনা জনায়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী অজয় গগৈয়ে অনুপ্ৰাণিত হৈ লাহোৱাল সমষ্টিৰ ২০ জনকৈ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক পঢ়া-শুনা দায়িত্ব লোৱা কথা ঘোষণা কৰে। সভাত ডিব্ৰুগড়ৰ লগতে লাহোৱালৰ ইকৰাতৰি গাঁৱৰ বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।


No comments