Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বঙাইগাঁও জিলাত ১৪৪ ধাৰা জাৰি

  বঙাইগাঁও, ২১ জানুৱাৰীঃ আগন্তুক গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি  বঙাইগাঁও জিলাৰ আইন- শৃংখলা পৰিস্থিতি স্বাভাৱিক ৰখাৰ স্বাৰ্থত আজিৰে পৰা বলব...

 


বঙাইগাঁও, ২১ জানুৱাৰীঃ আগন্তুক গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি  বঙাইগাঁও জিলাৰ আইন- শৃংখলা পৰিস্থিতি স্বাভাৱিক ৰখাৰ স্বাৰ্থত আজিৰে পৰা বলবৎ হোৱাকৈ জিলাখনত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ বঙাইগাঁও জিলাৰ অতিৰিক্ত দণ্ডাধীশ ডা°চৈয়দ তহিবুৰ ৰহমানে  জাৰি কৰা নিৰ্দেশ অনুসৰি জিলা প্ৰশাসনৰ অনুমতি অবিহনে জিলাখনৰ যি কোনো ৰাজহুৱা স্থানত ৫ জনৰ অধিক ব্যক্তিৰ সমাগম অথবা যি কোনো ধৰণৰ সভা- সমিতি, শোভাযাত্ৰা আদিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ সেইদৰে ৰাজহুৱা স্থানত যিকোনো অস্ত্ৰ লৈ ফুৰা অথবা  প্ৰদৰ্শনৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ একেদৰে মটৰ চাইকেল , স্কুটী, স্কুটাৰ আদি দুচকীয়া বাহনত দুজন উঠাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ ইয়াৰোপৰি সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ জিলাখনত উচ্চ স্বৰত মাইক আদি বজোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ এই নিষেধাজ্ঞা পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত বলবৎ থাকিব ৷ অবশ্যে বজাৰ , খেলপথাৰ , ৰে'লৱে ষ্টেচন , বাছ আস্থান ,  ব্যৱসায়ী প্ৰতিষ্ঠান আৰু বিবাহ অনুষ্ঠানত এই নিষেধাজ্ঞাবলবৎ নহ'ব ৷ 

No comments