Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঢেকিশালত ব্যস্ত গাঁৱৰ জীয়ৰী -বোৱাৰী; ভোগালীক আদৰিবলৈ সাজু সকলো

বিপিন হাজৰিকা ,শিমলুগুৰি ৯ জানুৱাৰীঃ অসমীয়াৰ হেপাঁহৰ ভোগৰ উৎসৱ ভোগালী ৷হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো দুটামান দিন বাকী৷ৰাজ্যৰ প্ৰান্তে প্ৰা...


বিপিন হাজৰিকা ,শিমলুগুৰি ৯ জানুৱাৰীঃ অসমীয়াৰ হেপাঁহৰ ভোগৰ উৎসৱ ভোগালী ৷হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো দুটামান দিন বাকী৷ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালী ক আদৰিবলৈ সাজু হৈছে গাঁৱৰ জীয়ৰী বোৱাৰী ৷সকলোতে পাৰভঙা উচাহ ৷অন্য প্ৰান্তৰ দৰে শিৱসাগৰ জিলাৰ শিমলুগুৰিবাসীও পিছ পৰি ৰোৱা নাই হেপাঁহৰ বিহুটিক আদৰিবলৈ৷যান্ত্ৰিকতাৰ মাজতো অসমীয়া গ্ৰাম্য জীৱনৰ অন্য এটি চিনাকি সজুঁলি ঢেকিঁশাল দৈখিবলৈ পোৱা গৈছে শিমলুগুৰি লোনপুৰীয়া অঞ্চলত৷ যান্ত্ৰিকতাৰ যুগত চহা জীৱনৰ ঢেকিটো এতিয়া হেৰাই যোৱাৰ উপক্ৰম হৈছে যদিও বহু অঞ্চলত এতিয়াও গৃহস্থই সযতনে ৰাখিছ ঢেঁকি৷জীয়ৰী-বোৱাৰী সকলো এতিয়া ঢেকিঁশালত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে৷ লোনপুৰীয়া গাঁৱৰ জীয়ৰী বোৱাৰী সকলোৱে পিঠা পনা প্ৰস্তুত কৰি আলহী অতিথিক ভোগালীত আপ্যায়ন কৰিবলৈ সাজু হৈ উঠিছে৷ দিনে নিশাই ব্যস্ত হৈ পৰিছে গাঁৱৰ মহিলা সকল ৷ঢেঁকিত পিঠা খুন্দি তিল পিঠা,তেল পিঠা,হুতুলি,ঘিলা  পিঠাকে ধৰি চৰা ,কোমল চাউল আদি জলপান প্ৰস্তুতেৰে ভোগালীক আদৰিবলৈ প্ৰান্তে প্ৰান্তে পাৰভঙা উচাহ পৰিলক্ষিত হৈছে৷৷

No comments