Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰক্ষেত্ৰী কংগ্ৰেছৰ বিসম্বাদী শিৱিৰে বাট আগচি ধৰিলে ৰিপুণ বৰাক

  ষ্টাফ ৰিপ'টাৰ, নলবাৰী, ১০ জানুৱাৰীঃ আগন্তুক নিৰ্বাচনক লৈ প্ৰধান বিৰোধী দল সাজু হোৱাৰ বিপৰীতে দলটোৰ আভ্যন্তৰীণ কন্দলহে তীব্ৰতৰ হৈ উঠিছে...

 


ষ্টাফ ৰিপ'টাৰ, নলবাৰী, ১০ জানুৱাৰীঃ আগন্তুক নিৰ্বাচনক লৈ প্ৰধান বিৰোধী দল সাজু হোৱাৰ বিপৰীতে দলটোৰ আভ্যন্তৰীণ কন্দলহে তীব্ৰতৰ হৈ উঠিছে৷ দলীয় আভ্যন্তৰীণ খোৱা কামোৰাই দলটোৰ অস্তিত্বৰ প্ৰতি প্ৰবল ভাবুকি আহিছে৷ সমষ্টিয়ে সমষ্টিয়ে এতিয়া প্ৰাৰ্থিত্ব কেন্দ্ৰিক দলীয় সংঘাত৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত আজি ইয়াৰ বহিঃপ্ৰকাশ ঘটে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক আজি মুকালমুৱাত একাংশ কংগ্ৰেছীয়ে বাট আগচি ধৰি সমষ্টিটো সংখ্যালঘু প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰাৰ বাবে দাবী জনায়৷  উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দল কয়াকুছিৰ দলীয় সভাত অংশ লোৱাৰ বাবে বৰক্ষেত্ৰী হৈ গৈ থকা পথত মুকালমুৱাত ৰাজীৱ ভৱনৰ সন্মুখত একাংশ কংগ্ৰেছীয়ে বাট আগচি ধৰি সমষ্টিটো সংখ্যালঘুৰ বাবে সংৰক্ষণ কৰাৰ দাবী জনায়৷  বৰক্ষেত্ৰী সমষ্টিৰ মুঠ প্ৰায় ১ লাখ ৮৮ হাজাৰ ভোটাৰৰ ভিতৰত ১ লাখ ৮ হাজাৰ সংখ্যালঘু ভোটাৰ তথ্য দি আগন্তুক নিৰ্বাচনত সমষ্টিটোত  সংখ্যালঘু প্ৰাৰ্থীক দলীয় টিকট দিয়াৰ দাবী জনায়৷ ইপিনে , বৰক্ষেত্ৰীৰ এইসকল কংগ্ৰেছ কৰ্মী সমৰ্থকে তত্বাবধায়ক তথা নিখিল ভাৰত কংগ্ৰেছৰ  সম্পাদক জিতেন্দ্ৰ সিংক বাট আগচি ধৰি এই দাবী জনোৱাৰ প্ৰস্তুতি চলোৱাৰ উমান পাই নেতা গৰাকীক মুকালমুৱা হৈ যাব নিদি কলিতাকুছিৰ পৰা নলবাৰী হৈ কয়াকুছিৰ সভালৈ লৈ যোৱাক লৈ ক্ষুদ্ধ হৈ পৰে বৰক্ষেত্ৰীৰ দলীয় কৰ্মী সমৰ্থক সকল৷ পিচত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কাইলৈ বৰক্ষেত্ৰী কংগ্ৰেছৰ এটা প্ৰতিনিধি দলক জিতেন্দ্ৰ সিংক সাক্ষাৎ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত হে পৰিস্থিতি নিয়ন্ত্ৰণ হয়৷

No comments