Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাক্সাৰ লক্ষীবজাৰত ইউপিপিএলৰ কৰ্মীসভা সম্পন্ন: বিটিআৰত শীঘ্রই গঠন হ'ব ভিচিডিচি

  গণ বাৰ্তা , জালাহ , ২১ জানুৱাৰী :  বাক্সা জিলাৰ কামাৰদৈছা লক্ষীবজাৰত বুধবাৰে ইউপিপিএলৰ শালবাৰী জিলা কমিটী আৰু মুছলপুৰ জিলা কমিটীৰ এখন যৌথ ...

 


গণ বাৰ্তা , জালাহ , ২১ জানুৱাৰী : বাক্সা জিলাৰ কামাৰদৈছা লক্ষীবজাৰত বুধবাৰে ইউপিপিএলৰ শালবাৰী জিলা কমিটী আৰু মুছলপুৰ জিলা কমিটীৰ এখন যৌথ কৰ্মীসভা অনুষ্ঠিত হৈ যায়। বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ সভাপতিত্বত অনুষ্ঠিত দলৰ কৰ্মীসভাত ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰৌনগৌৰা নাৰ্জাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি সংবাদ মাধ্যমৰ আগত কয়, " ইউপিপিএল দলক মুছলপুৰ আৰু শালবাৰী জিলা কমিটীৰ যৌথ কৰ্মীসভাত  আমি আগন্তুক দিনত কেনেকৈ কাম কৰি যাম তাৰ ৰণনীতিৰ ওপৰত আলোচনা কৰা হয়। বিশেষকৈ আগন্তুক বিধান সভা নিৰ্বাচনৰ ৰণনীতিৰ ওপৰত আলোচনা কৰা সভাত দলৰ কৰ্মী সকলৰ যথেষ্ট সহাৰি পোৱা যায়। বিটিচি দখল কৰাৰ দৰে আগন্তুক বিধান সভা নিৰ্বাচনত ১২ টা বিধান সভা সমষ্টি দখল কৰাৰ ৰণনীতিৰ ওপৰত আলোচনা কৰা হয়। " তেওঁ অতি শীঘ্রই ভিচিডিচি কমিটী সমূহ গঠন কৰা হ'ব বুলি উল্লেখ কৰে।  সভাত অংশগ্রহণ কৰি বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জীত বসুমতাৰীয়ে আগন্তুক বিধান সভা নিৰ্বাচনৰ পৰিকল্পনা কৰি থকাৰ কথা ব্যক্ত কৰি সংবাদ মাধ্যমক কয়, " বন বিভাগৰ কথাটো খুউব দূৰ্ভাগ্যজনক। অসম তথা বিটিআৰত যিমান বন আছে সেইবোৰ পৃথিবী বিখ্যাত। কিন্তু  দূৰ্ভাগ্যজনক আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বন পূজা কৰি আহিছে। তেনে ক্ষেত্ৰত এতিয়া বন ধ্বংস কৰাটো অতি দূৰ্ভাগ্যজনক কথা। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁও সমূহৰ লোকে ৰাষ্ট্ৰীয় উদ্যানৰ জীবন জন্তুক ৰক্ষণাবেক্ষণ দি অহাৰ বিপৰীতে বহু বছৰ আগতে মানাহ অভয়াৰণ্যৰ পূৱ অংশত বিপিএফ দলে বেদখল কৰোৱাই বিশেষকৈ বড়ো, নেপালী আৰু চান্তালী সকলক ভোট বেংক হিচাপে কাম কৰি আহিছে। " শিল বালিৰ মহল বন্ধ কৰাৰ সম্পর্কে কৰা সাংবাদিকৰ এক প্ৰশ্নোত্তৰত কাৰ্যবাহী সদস্য ৰঞ্জীত বসুমতাৰীয়ে পুনৰ কয়, " আমাৰ বিটিচিৰ বাহীৰে ক'ত মহল নাই। মই আমাৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ অনুমতি সাপেক্ষে শিল বালিৰ মহল বন্ধ কৰি দিয়াত উত্তৰ পূৰ্বাঞ্চলৰ উপৰি বাংলাদেশ পৰ্যন্ত হাহাকাৰ হৈ গৈছিল। যাৰ ফলত আমাৰ মুখ্য কাৰ্যবাহী সদস্যৰ অনুমতি লৈ পুনৰ খুলি দিবলৈ বাধ্য হৈছিলো। " সভাত ইউপিপিএলৰ মহিলা মঞ্চৰ সাধাৰণ সম্পাদক বিউটি বসুমতাৰী, দলৰ সাংগঠনিক সম্পাদক ধীৰাজ ডেকা, সুৰেশ চৰকাৰ আদি দলীয় নেতাই অংশগ্রহণ কৰে। 

No comments