ভাস্কৰ কলিতা, তুলসীবাৰী,৮ জানুৱাৰীঃ সাম্প্ৰতিক সময়ত যুৱপ্ৰজন্মৰ মাজত ড্ৰাগছ বৰবিহলৈ ৰূপান্তৰিত হৈছে। মহামাৰীতকৈও ভয়ানক ৰূপ লোৱা ড্ৰাগছৰ ন...
ভাস্কৰ কলিতা, তুলসীবাৰী,৮ জানুৱাৰীঃ সাম্প্ৰতিক সময়ত যুৱপ্ৰজন্মৰ মাজত ড্ৰাগছ বৰবিহলৈ ৰূপান্তৰিত হৈছে। মহামাৰীতকৈও ভয়ানক ৰূপ লোৱা ড্ৰাগছৰ নিৰ্মূল কৰাৰ লক্ষ্যৰে ইয়াৰ বিৰুদ্ধে সবল জনমত গঠনৰ উদ্দেশ্যে আগবাঢ়ি আহিছে ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী নিপন ভূঞা(জোন) । সংগীত স্কুল অৱ ড্ৰামাৰ বেনাৰত নিৰ্মিয়মান "দ্য চাইলেন্ট কিলাৰ " শীৰ্ষক ৱেভ ছিৰিজখন প্ৰযোজনা কৰিছে নিপন ভূঞা(জোনে)। ৱেভ ছিৰিজখনৰ কাহিনী,চিত্ৰনাট্য আৰু সংলাপ ৰচনাৰ লগতে পৰিচালনা কৰিছে বিশিষ্ট কাহিনী তথা চিত্ৰনাট্যকাৰ পঙ্কজ পল্লৱ শৰ্মাই । ছবিখনৰ চিত্ৰগ্ৰহণ প্ৰকাশ, সম্পাদনা মৃদুল শৰ্মা, সঙ্গীত আৰু শীৰ্ষ সঙ্গীতৰ কন্ঠশিল্পী অমৰ কিৰণ। গীতৰ কথা ভাস্কৰ কলিতাৰ। সহঃ প্ৰযোজনা বলেন শীলৰ। মেক আপ অঞ্জু কলিতা। ছিৰিজখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে মুকুল দাস,পংকজ পল্লৱ শৰ্মা, অজিত বৰ্মন, নাগাৰানামৰ পাঠক ৰামচৰন ভড়ালী,নিপন ভূঞা(জোন), দিগন্ত কুমাৰ নাথ, বলেন শীল, দ্বিপেশ দাস, কিশোৰ কলিতা, কৰেন্দ্ৰ কলিতা, সত্যেন্দ্ৰ কলিতা, ৰাজু কলিতা, হৃষিকেশ তালুকদাৰ, বিদ্যুৎ ডেকা, ভবেশ ডেকা, ৰাধেশ্যাম কলিতা, দিপাঙ্কৰ ৰয়, হেমন্ত বৰা, প্ৰনব কুমাৰ দত্ত, জিতুমনি ডেকা, সভিত কলিতা, অভিজিত কলিতা, মুকেশ লহকৰ, গৌতম দাস, নিপন দত্ত কলিতা, হেমন্ত হালৈ, কামিনী ভূঞা, অৰ্ণব ভড়ালী, ৰত্নেশ্বৰ কলিতা, পঙ্কজ তালুকদাৰ, প্ৰাণজিত কলিতা, দেবদত্ত ৰাজবংশী, নয়ন কৌশিক, তৰুণ দাস, ঋতুপৰ্ণা ডেকা, স্নিগ্ধা হাজৰিকা, মধুস্মিতা কলিতা, লিনু বৰদলৈ, প্ৰনিতা শৰ্মা, মিনু ভড়ালী, ফ্ৰিয়ঙ্কা কলিতা, কল্পনা কলিতা, নিকি ডেকা, নিশা ভূঞা, ভাবলিনা, জেভলিনা লিয়া। ছবিখনৰ এটা খণ্ড সমাগত শিল্পী দিৱসৰ দিনটোত শুভমুক্তি দিয়াৰ কথা। ছিৰিজখন সাংস্কৃতিক পৰিক্ৰমা নামৰ ইউটিউব চেনেলটোত উপলব্ধ হ'ব।
No comments