Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ইংৰাজী নৱ বৰ্ষৰ পহিলা দিনটোত ভাৰতীয় ষ্টেটবেংকৰ প্ৰশংসনীয় পদক্ষেপ

ষ্টাফ ৰিপৰ্টাৰ যোৰহাট ১ জানুৱাৰী: নৱ বৰ্ষৰ পহিলা দিনা  ভাৰতীয় ষ্টেটবেংক যোৰহাটৰ আঞ্চলিক কায্যালয়ৰ সামাজিক দায়বদ্ধতা আচনিৰ  অধীনত যোৰহাটৰ পটী...


ষ্টাফ ৰিপৰ্টাৰ যোৰহাট ১ জানুৱাৰী: নৱ বৰ্ষৰ পহিলা দিনা  ভাৰতীয় ষ্টেটবেংক যোৰহাটৰ আঞ্চলিক কায্যালয়ৰ সামাজিক দায়বদ্ধতা আচনিৰ  অধীনত যোৰহাটৰ পটীয়াগাঁওস্থিত , অখিল ভাৰতীয় বৃদ্ধজন সেৱা সংস্থা অথ্যাত  অমৰাৱতী বৃদ্ধাশ্ৰমলৈ প্ৰায় ২ লাখ টকাৰ সামগ্ৰী প্ৰদান কৰে । প্ৰথমতে ২০২১ চনৰ জানুৱাৰী মাহৰ  নতুন বছৰৰ প্ৰথম দিনটোত বৃদ্ধাশ্ৰমৰ বৃদ্ধাসকলৰ  উপস্থিতিত আনন্দ উল্পাসেৰে  এগৰাকী নব্বৈ উদ্ধৰ বৃদ্ধাৰ  হাতেৰে কেক কাটি ইংৰাজী নতুন বছৰৰ পহিলা দিনটো স্বাগতম জনাই । তাৰ পাছতে বৃদ্ধাশ্ৰম খনৰ পৰিচালনা সমিতিৰ  সদস্য সকলৰ উপস্থিতিত সম্পাদক উপেন্দজিৎ মহন্তই পৰিচালনা কৰা সামগ্ৰী প্ৰদান কায্যসুচীত এখন  ব্লেংককেত এগৰাকী বৃদ্ধাৰ হাতত আগবঢ়াই ভাৰতীয় ষ্টেটবেংকৰ উপ মহাপ্ৰৱন্ধক অজন্তা হাজৰিকাই । আশ্ৰম খনলৈ আগ বঢ়োৱাৰ সামগ্ৰী সমুহ হৈছে ষ্টিলৰ আলমিৰা , লোৰ বিচনা , বৈদ্যুতিক পানী গৰম কৰা গিৰজা ,ৰুম হিটাৰ , ব্লেংককেত আদি কৰি প্ৰায় দুই লাখ টকাৰ সামগ্ৰী  আগবঢ়াই । ভাৰতীয় ষ্টেট বেংকৰ আঞ্চলিক কায্যালয়ৰ অনুপ কুমাৰ দেৱ , কল্পনা দত্ত , ৰাজেশ কুমাৰ প্ৰমোদ সেনকে ধৰি বহু কেইজন বেংক বিষয়া উপস্থিত থকা কায্যসুচীত প্ৰৱন্ধক অজন্তা হাজৰিকাই নতুন বছৰৰ প্ৰথম দিনটোত বৃদ্ধা সকলক এনেধৰনে লগ পায় আৰু কৃঞ্চিত মাত্ৰ সামগ্ৰী আগবঢ়াবলৈ পায় আনন্দ লাভ কৰা বুলি উল্লেখ কৰে । অখিল ভাৰতীয় বৃদ্ধজন সেৱা সন্থাৰ বিষয় ববীয়া জগত বৰঠাকুৰ , বৈকুণ্ঠ মহন্ত , সাংবাদিক ৰমেন শইকীয় , জগন্নাথ অগ্নিবৰা , প্ৰনৱ জ্যোতি শইকীয়া  , প্ৰশান্ত দত্ত আদি উপস্থিত থকা কায্যসুচীত সভাপতি নিৰ্মল বৰাই  ভাৰতীয় ষ্টেটবেংকৰ যোৰহাটৰ বিষয় ববিয়াই গ্ৰহণ কৰা এনে পদক্ষেপক শলাগ জ্ঞাপন কৰে ।


No comments