Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাজদিয়া আৰক্ষীৰ সফলতা; মাজদিয়াৰ পৰা অপহৃত হোৱা কিশোৰ পাঠশালাত উদ্ধাৰ

 গণ বাৰ্তা ,চেঙা ,১৬ জানুৱাৰী: বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাজদিয়াৰ পৰা অপহৃত এগৰাকী কিশোৰক মাজদিয়া আৰক্ষীয়ে আজি পাঠশালাৰ প...




 গণ বাৰ্তা ,চেঙা ,১৬ জানুৱাৰী: বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাজদিয়াৰ পৰা অপহৃত এগৰাকী কিশোৰক মাজদিয়া আৰক্ষীয়ে আজি পাঠশালাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণী মতে, যোৱা ১৪ জানুৱাৰীত চাৰিটা দুৰ্বৃত্তই মাজদিয়াৰ পৰা এগৰাকী কিশোৰক চাৰিচকীয়া বাহনত চকুত কাপোৰ বান্ধি অপহৰণ কৰি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল।অপহৃত কিশোৰজন কলগাছিয়াৰ তাপাজুলি পাথাৰৰ জয়নাল আবদিনৰ পুত্ৰ মকিবুল ইছলাম ওৰফে ৰাকিবুল(১৬) বুলি জানিব পৰা গৈছে  । ১৫ জানুৱাৰীৰ নিশা দহ বজাত অপহৃত কিশোৰগৰাকীৰ পৰিয়ালৰ লোকে মাজদিয়া আৰক্ষী চকীত অপহৰণ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। সৰ্থেবাৰী আৰক্ষী থানাত ২৮/২০২১ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ ৩৬৫/৩৮৫  ধাৰাৰ অধীনত ৰুজু হৈছে গোচৰ। এজাহাৰ পোৱা মাত্ৰকে মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পবিত্ৰ কলিতাই তৎপৰ হৈ পৰে। বিভিন্ন ঠাইত চোৰাংচোৱা লগাই অপহৰণকাৰীৰ দলটোক অনুসৰণ কৰে মাজদিয়া আৰক্ষীয়ে। মাজদিয়া আৰক্ষীৰ উপস্থিতিৰ উমান পাই অপহৰণকাৰী দলটোৱে কিশোৰজনক পাঠশালাৰ হাইৱেত চাৰিচকীয়া বাহনৰ পৰা নমাই দুষ্ট চক্ৰৰ দলটোৱে পলায়ন কৰে। লগে লগে মাজদিয়া আৰক্ষীয়ে সুস্থ অৱস্থাত কিশোৰজনক উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ আহে। ১২ ঘন্টাৰ ভিতৰত কিশোৰজনক উদ্ধাৰ কৰি মাজদিয়া আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰে। অপহৰণকাৰীৰ দলটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে মাজদিয়া আৰক্ষীয়ে।


No comments