Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ওদালগুৰি জিলাৰ ৪ খন আসনতে বিজেপিৰ প্ৰাৰ্থী বিচাৰিছে ওদালগুৰি জিলা বিজেপিয়ে

  গণবাৰ্তা বিশেষ ওদালগুৰি , ১৯ জানুৱাৰী:  সদ্য সমাপ্ত বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ওদালগুৰি জিলাৰ ১০ খন আসনৰ ভিতৰত ৪ খন আসনতে জয় লাভ কৰি এতিয়া ...

 


গণবাৰ্তা বিশেষ ওদালগুৰি , ১৯ জানুৱাৰী: সদ্য সমাপ্ত বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ওদালগুৰি জিলাৰ ১০ খন আসনৰ ভিতৰত ৪ খন আসনতে জয় লাভ কৰি এতিয়া অধিক আত্মবিশ্বাসী হৈ পৰিছে ওদালগুৰি জিলা বিজেপিৰ নেতৃত্ব । বিটিচি দখলৰ পিছত এইবাৰ  বিধান সভা নিৰ্বাচনকলৈ  তৎপৰ হৈ উঠিছে ওদালগুৰি জিলা বিজেপি। আগন্তুক বিধান সভা নিৰ্বাচনত ওদালগুৰি জিলাত শক্তিশালী ৰূপত অৱৰ্তীৰ্ণ হোৱাৰো ইংগিত দিছে জিলা বিজেপিয়ে । যি সময়ত  বিজেপি- ইউ পি  পি এল দল মিত্ৰতাৰে বিধান সভা নিৰ্বাচনত অৱৰ্তীৰ্ণ হ'ব বুলি চৰ্চা চলিছে তেনে সময়তে জিলা খনৰ ৪ টা সমষ্টিতে চকু দিছে ওদালগুৰি জিলা বিজেপিয়ে। অসমৰ বিজেপিৰ সহ প্ৰভাৰী পৱন শৰ্মা আৰু উত্তৰ পুৱৰ দায়িত্বত থকা বিজেপিৰ কেন্দ্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামৱালৰ উপস্থিতিত  আজি  ওদালগুৰি পৌৰ অভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত জিলা বিজেপিৰ সাংগঠনিক সভাতো স্থান লাভ কৰে  এই বিষয়টোৱে। সভাৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত জিলা খনৰ ওদালগুৰি , মাজবাট , পানেৰী আৰু কলাইগাঁও সমষ্টিত বিজেপি দলে প্ৰাৰ্থী দিব লাগে বুলি  ইতিমধ্যে ওদালগুৰি জিলা বিজেপিয়ে ৰাজ্যিক সমিতিক অৱগত কৰাৰ  কথা জানিব দিয়ে জিলা বিজেপিৰ সভাপতি কাৰ্তিক বড়োই।  অৱশ্যে জিলা বিজেপিয়ে এই ক্ষেত্ৰত ৰাজ্যিক বা কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্তকে মানি লব বুলি  ইউ পি পি এল- বিজেপিৰ মিত্ৰতাৰ প্ৰতি নৰম স্থিতি  লোৱাৰো পৰিলক্ষিত হয়। বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাইও ওদালগুৰি জিলাৰ ৪ টা সমষ্টিতে নিৰ্বাচনত অৱৰ্তীৰ্ণ হ'লে বিজেপি দল নিৰ্বাচনত জয়ী হ'ব বুলি দাবী কৰে। আজি উপস্থিত থকা দুই কেন্দ্ৰীয় নেতৃত্বকো ওদালগুৰি জিলাৰ ৪ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিক নিৰ্বাচন খেলিবলৈ অনুৰোধ কৰা বুলি অৱগত কৰে বৰুৱাই। অৱশ্যে তেখেতেও কেন্দ্ৰীয় আৰু ৰাজ্যিক সমিতিয়ে দিয়া যি কোনো মতামত গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে।সাংগঠনিক সভা অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত সহ প্ৰভাৰী পৱন শৰ্মাই ইউ পি পি এল দলৰ লগত মিত্ৰতাৰে নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱাৰো ইংগিত দিয়ে।  উল্লেখ যে বিটিচি অঞ্চলত এইবাৰ বিজেপিয়ে ইউ পি পি এলৰ লগত মিত্ৰতাৰে অসম বিধান সভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি চৰ্চা চলি থকাৰ মাজতে জিলা খনত চাৰিটা সমষ্টিতে চৰ্চা চলিছে কেইবাজনো বিজেপি নেতাৰ নাম। সেই সনুসৰি ওদালগুৰি সমষ্টিত জিলা বিজেপিৰ সভাপতি কাৰ্তিক বড়ো  ,মাজবাট সমষ্টিত জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা ,পানেৰী সমষ্টিত মনোনীত পাৰিষদ অৰ্পনা মেধি , জিলা সমিতিৰ সম্পাদক জয়কান্ত শৰ্মা , কোষাধ্যক্ষ দিম্বেশ্বৰ দাস, প্ৰাক্তন সাংসদ শান্তিয়াচ কুজুৰ আৰু কলাইগাঁও সমষ্টিত ৰাজ্যিক কাৰ্যনিৰ্বাহক মধুৰাম ডেকা , প্ৰনৱ নাৰায়ন মেছ , বাবুল বড়োৰ নাম ব্যাপক চৰ্চাত আছে। আজিৰ এই সাংগঠিক সভাত অংশ গ্ৰহণ কৰা কেন্দ্ৰীয় নেতৃত্বই  জিলাখনত বিজেপিয়ে কিমানখন আসনত প্ৰাৰ্থীত্ব দিব এই বিষয়ে স্পষ্টকৈ নকলে যদিও এইবাৰ যে জিলা খনত বিজেপি দলে প্ৰাৰ্থীত্ব দিব এইটো স্পষ্ট হৈ পৰিছে। বিশেষকৈ মাজবাট আৰু কলাইগাঁও সমষ্টি বিজেপি দলে মিত্ৰ দলক এৰি নিদিয়ে বিজেপিৰ কাম কাজৰ পৰাই এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে। যদি মাজবাট আৰু কলাইগাঁও সমষ্টিতো বিজেপিয়ে নিৰ্বাচনত অৱৰ্তীৰ্ণ হৈ তেতিয়া কপাল ফুলিব পাৰে জিলা খনৰ শক্তিশালী নেতা অজয় কুমাৰ হাজৰিকা আৰু ৰাজ্যিক বিজেপিৰ নেতা মধুৰাম ডেকাৰ। ওদালগুৰি  জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকাই আঁত ধৰা আজিৰ এই সভাত ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায় প্ৰমূখ্যে বহু কেইজন পাৰিষদ আৰু শীৰ্ষ বিজেপি নেতা উপস্থিত থাকে।

No comments