Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাজুলীত স্থানীয় ৰাইজেই আৰম্ভ কৰিলে ৰাস্তাৰ মেৰামতিৰ কাম

গণ বাৰ্ত‍া, ফুলনি, ২৫ জানুৱাৰী: ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ অন্যতম প্ৰতিশ্ৰুতি আছিল মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টি মাজুলীৰ ৰাস্তা ঘাটৰ উন্নয়ন। ক...


গণ বাৰ্ত‍া, ফুলনি, ২৫ জানুৱাৰী: ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ অন্যতম প্ৰতিশ্ৰুতি আছিল মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টি মাজুলীৰ ৰাস্তা ঘাটৰ উন্নয়ন। কিন্তু যোৱা চাৰি বছৰৰো অধিক কালত কেইটামান পথৰ বাহিৰে‌ মাজুলীৰ বহু মূল পথৰ কাম সম্পূৰ্ণ হোৱাতো দূৰৰে কথা আৰম্ভ হোৱাও দেখা নগʼল। কমলাবাৰী-বনগাওঁ সংযোগী পথৰ উপপথ বেজগাওঁ তিনিআলিৰ পৰা উৰিয়ামপাৰা ,পমুৱাকে ধৰি প্ৰায় দহ খন গাওঁ সংযোগী পথটো আজি পৰ্যন্ত আৰম্ভ হোৱা নাই। প্ৰায় ৪‌ কি:মি: দৈৰ্ঘ্যৰ এই পথচোৱাৰ দূৰৱস্থাই স্থানীয় ৰাইজক বহু বছৰ ধৰি হাৰাশাস্তিত ভুগাই আহিছে। যিহেতু এই পথচোৱা আজি পৰ্যন্ত পকী নহʼল, বাৰিষা স্থানীয় ৰাইজৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে যাতায়তৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। এই বিষয়ে স্থানীয় যুৱ সংঘ আৰু ৰাইজে বহু বাৰ মুখ্যমন্ত্ৰী মহোদয়, মাজুলী জিলা  উপায়ুক্ত,  আৰু বিভাগীয় অভিযন্তাক দৰ্খাস্ত দিছে যদিও কোনো ধৰণৰ সহাঁৰি নোপোৱাৰ বাবে অৱশেষত স্থানীয় ৰাইজে নিজেই আৰম্ভ কৰিছে এই পথচোৱাৰ কাম। বেজগাওঁ যুৱক প্ৰগতি সংঘৰ উদ্যোগত পথটোৰ লগত সংযোগী প্ৰায় দহ খন গাঁৱৰ ৰাইজে সাধ্যানুসৰি অৰ্থ সংগ্ৰহ কৰি আৰম্ভ কৰিছে পথটোৰ কাম। দৰাচলতে মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টিত পথৰ এনে দূৰৱস্থা আৰু পথৰ কাম স্থানীয় ৰাইজে আৰম্ভ কৰা কাৰ্য আমাৰ দৃষ্টিত চৰকাৰ খনৰ চৰম বিফলতা। স্থানীয় ৰাইজ অৱশ্যে এতিয়াও আশাবাদী যে এইক্ষেত্ৰত চৰকাৰে   অতি সোনকালে তৎপৰতাৰে  এই পথটো নিৰ্মাণ হোৱাত গুৰুত্ব প্ৰদান কৰিব বুলি। 

No comments