সৰভোগ ৪ নং ৱাৰ্ডৰ বাসিন্দা মহানন্দ নাথ আৰু ৰুণু প্রভা নাথ ৰ একমাত্র পুত্র চন্দন কুমাৰ নাথে ১ বছৰৰ ভিতৰত, তিনিটা ভাষাৰ ( অসমীয়া, হিন্দি আৰ...
সৰভোগ ৪ নং ৱাৰ্ডৰ বাসিন্দা মহানন্দ নাথ আৰু ৰুণু প্রভা নাথ ৰ একমাত্র পুত্র চন্দন কুমাৰ নাথে ১ বছৰৰ ভিতৰত, তিনিটা ভাষাৰ ( অসমীয়া, হিন্দি আৰু ইংৰাজী) বিভিন্ন আন্তৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যৰ আগশাৰীৰ বাতৰিকাকত ত ৩২৬ টা নিবন্ধ আৰু চিঠি প্রকাশ কৰি লাভ কৰিবলৈ সক্ষম হৈছে "ইন্ডিয়া বুক অফ ৰেকৰ্ডছ" আৰু "আসাম বুক অফ ৰেকৰ্ডছ" সন্মান। উল্লেখ্যযোগ্য যে চন্দন কুমাৰ নাথে যোৱা ২৩ নবেম্বৰ ২০১৯ চনৰ পৰা ২৩ নবেম্বৰ ২০২০ ৰ ভিতৰত এই বিশেষ ৰেকৰ্ড সম্পন্ন কৰিবলৈ সক্ষম হৈছে। চন্দন কুমাৰ নাথে বৰ্তমানলৈকে লেখা প্ৰকাশ কৰা বাতৰিকাকত কেইখনমান হল ক্রমে - অসমীয়া খবৰ, আমাৰ অসম, দৈনিক জনমভূমি, দৈনন্দিন বাৰ্তা, অসম আদিত্য, দৈনিক অসম,নিয়মীয়া বাৰ্তা, দৈনিক গণ অধিকাৰ, অসম বাৰ্তা, গণস্তম্ভ, দৈনিক অগ্রদূত, হিন্দি বাতৰিকাকত - পূৰ্বাঞ্চল প্রহৰী, ৰাষ্ট্ৰীয় পৰ্যায়ৰ হিন্দি কাকত দৈনিক ট্রিবিউন, প্রভাত খবৰ, ৰাষ্ট্ৰীয় সাহাৰা ইত্যাদি, ইংৰাজী বাতৰিকাকত- ডি আসাম ট্রিবিউন, ডি সেন্টিনেল, ডি টেলিগ্রাফ, ডি ষ্টেচমেন, এচিয়ান এজ, ডেক্কান হেৰাল্ড, ডি হিতাভাদা, ডি লোকমত টাইমছ, ইত্যাদি। চন্দন কুমাৰ নাথ বৰপেটা জিলাৰ অন্তৰ্গত সৰভোগ অঞ্চলত ত বাস কৰে আৰু বৰ্তমান তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয় ত যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্র হিচাপে অধ্যয়ন কৰি আছে। তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়েও যুৱ লেখক চন্দন কুমাৰ নাথ ৰ এই বিশেষ কৃতিত্ব অর্জনক লৈ সন্তষ্ট প্রকাশ কৰিছে।
No comments