Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাৰ্ঘেৰিটাত সংস্কৃতিৰ নামত অপসংস্কৃতি, বিধায়ক ভাস্কৰ শৰ্মাই উদ্ধোধন কৰা সাংস্কৃতিক সন্ধিয়াত স্বল্পবসনা যুৱতীৰ নগ্নতাৰ পয়োভৰ

  গন বাৰ্তা, মাৰ্ঘেৰিটা, ৯ জানুৱাৰীঃ- সংস্কৃতিবান নগৰী মাৰ্ঘেৰিটাত সংস্কৃতিৰ নামত চলিছে অপসংস্কৃতি৷ এটা ছাত্ৰ সংগঠনে অনুষ্ঠিত কৰা আৰু সমষ্টি...


 গন বাৰ্তা, মাৰ্ঘেৰিটা, ৯ জানুৱাৰীঃ- সংস্কৃতিবান নগৰী মাৰ্ঘেৰিটাত সংস্কৃতিৰ নামত চলিছে অপসংস্কৃতি৷ এটা ছাত্ৰ সংগঠনে অনুষ্ঠিত কৰা আৰু সমষ্টিটোৰ বহু বিতৰ্কিত বিধায়ক ভাস্কৰ শৰ্মাই উদ্ধোধন কৰা এক সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত দেখিবলৈ পোৱা গল স্বল্পবসনা যুৱতীৰ নৃত্য গীত ৷ দেখিবলৈ পোৱা গল সংগীতৰ নামত নগ্নতাৰ পয়োভৰ৷ উল্লেখ্য যে, মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰত যোৱা ৬ আৰু ৭ জানুৱাৰীত সদৌ অসম গোৰ্খা  ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছিল মাৰ্ঘেৰিটা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ তৃতীয় দ্বি- বাৰ্ষিক অধিবেশন আৰু গোৰ্খা জাতীয় সমাৰোহ৷ জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৱে আয়োজন কৰা ৭ জানুৱাৰীৰ নিশা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ  মঞ্চত  দেখিবলৈ পোৱা গল নেপালৰ পৰা আমদানীকৃত স্বল্পবসনা যুৱতীৰ গীতৰ শৰাই৷ সংগীতৰ তালে তালে সুন্দৰী গায়িকাই প্ৰদৰ্শন কৰিলে শৰীৰৰ নগ্নতা৷ সম্প্ৰতি মাৰ্ঘেৰিটাবাসীৰ মবাইলে মবাইলে ভাইৰেল হৈছে এই দৃশ্য৷ মন কৰিবলগীয়া যে,  মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই উদ্বোধন কৰা এই সাংস্কৃতিক অনুষ্ঠানত নেপালৰ পৰা অহা শিল্পীয়ে প্ৰদৰ্শন কৰিছিল নগ্ন সংস্কৃতি৷ এই ঘটনাই এতিয়া সৃষ্টি কৰিছে বিতৰ্কৰ৷ গোৰ্খা ছাত্ৰ সন্থাৰ একাংশ বিষয় ববীয়াৰ মাজতো দেখা দিছে অসন্তুষ্টিৰ৷ আনফালে, মাৰ্ঘেৰিটাত অহা ১৩ জানুৱাৰীৰ ভোগালী মেলাতো প্ৰদৰ্শন হব নেকি এই সংস্কৃতি ? বিধায়ক ভাস্কৰ শৰ্মাৰ পৃষ্ঠপোষকতাত অহা ১৩ আৰু ১৪ জানুৱাৰীত অনুষ্ঠিত হব ভোগালী উৎসৱ৷ উক্ত ভোগালী উৎসৱত অংশ গ্ৰহন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷ কিন্তু সংস্কৃতিৰ নামত প্ৰদৰ্শিত এনে অপসংস্কৃতিৰ দৃশ্যই এতিয়া নিৰাশ কৰিছে মাৰ্ঘেৰিটাবাসীক৷ বিধায়কৰ অপসংস্কৃতিৰ আমদানিত সংস্কৃতিবান মাৰ্ঘেৰিটাবাসী আজি শংকিত ।বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহনীয়া সংস্কৃতিৰে সমৃদ্ধ মাৰ্ঘেৰিটাত এনে অপসংস্কৃতিৰ প্ৰদৰ্শনক একেমুখে সমালোচনা কৰিছে সচেতন মহলে৷

No comments