Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নৱপ্ৰজন্মৰ বাবে সংৰক্ষণ হবনে শিৱসাগৰস্থিত প্ৰথমখন কপিকলযুক্ত দলংৰ? প্ৰশাসনৰ অমনোযোগিতাৰ বাবে নিচিহ্ন হোৱাৰ পথত পুৰণি দিখৌ দলং

  গণ বাৰ্তা, জয়সাগৰ, ৫ জানুৱাৰীঃ শিৱসাগৰৰ বুকুৱেদি যোৱা দিখৌ নৈৰ ওপৰত ব্ৰিটিছ চৰকাৰে ১৯৩৫ চনত নিৰ্মাণ কৰিছিল এখন কপিকলযুক্ত দলংৰ। এইখনেই হৈছ...

 


গণ বাৰ্তা, জয়সাগৰ, ৫ জানুৱাৰীঃ শিৱসাগৰৰ বুকুৱেদি যোৱা দিখৌ নৈৰ ওপৰত ব্ৰিটিছ চৰকাৰে ১৯৩৫ চনত নিৰ্মাণ কৰিছিল এখন কপিকলযুক্ত দলংৰ। এইখনেই হৈছে ব্ৰিটিছ শাসনত নিৰ্মিত এছিয়াৰ প্ৰথমখন কপিকলযুক্ত দলং। সম্প্ৰতি জিলা প্ৰশাসনৰ সম্পূৰ্ণ অমনোযোগিতা তথা অকৰ্মণ্যতাৰ বাবে ইতিহাসৰ পাতৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে দলংখনৰ। ১৮৩৮ চনত ব্ৰিটিছ চৰকাৰে নাজিৰাত 'আসাম চাহ কোম্পানী' স্থাপন কৰিছিল আৰু কলিকতালৈ কোম্পানীৰ জাহাজ পৰিবহনৰ বাবেই ১৯৩৫ চনত দিখৌ নৈৰ ওপৰেদি আলোচ্য দলংখনৰ কপিকলৰ ব্যৱস্থা ৰাখি নিৰ্মাণ কৰিছিল। কোম্পানীৰ জাহাজ চলাচলত হব পৰা প্ৰতিবন্ধকতাক আতৰাবলৈ সেই সময়ত এই কপিকলৰ ব্যৱস্থা কৰা হৈছিল। উল্লেখ্য যে, ইংৰাজে নিৰ্মাণ কৰা এইখনেই পৃথিৱীৰ একমাত্ৰ দলং যিখনৰ এটা অংশ সম্পূৰ্ণৰূপে ওপৰলৈ তুলিব পৰা হৈছিল। ইয়াৰ পাছতে ১৯৯৮ চনত তদানীন্তন গড়কাপ্তানি মন্ত্ৰী অতুল বৰাই এই লোৰ দলংৰ কাষতেই নিৰ্মাণ হোৱা পকী দলংখন ৰাইজৰ বাবে উচৰ্গা কৰিছিল। ইয়াৰ পাছতেই যাতায়তৰ বাবে সম্পূর্ণৰূপে বন্ধ হৈ পৰা দলংখনৰ সংৰক্ষণ ব্যৱস্থা চৰকাৰে কৰিব লাগিছিল যদিও এইক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। আজিও এই স্মৃতি বিজড়িত দলংখনে সামৰি ৰাখিছে বহু স্মৃতি। ইতিমধ্যে দলংখনৰ আয়ুস উকলাৰ কথা উল্লেখ কৰি ব্ৰিটিছ কোম্পানীৰ ফালৰ পৰা আজি কেইবছৰমান পূৰ্বে শিৱসাগৰ জিলা প্ৰশাসনলৈ এখন পত্ৰও আহিছিল। ককচেজ নামৰ যিগৰাকী ব্ৰিটিছ অভিযন্তাই চমৎকাৰী কাৰিকৰী কৌশলযুক্ত দিখৌ দলংৰ নিৰ্মাণ কৰিছিল সেইগৰাকী অভিযন্তাৰ আত্মীয় আজি কিছু বছৰৰ আগতে শিৱসাগৰত উপস্থিত হৈ দলংখনৰ দূৰবস্থাৰ সম্পৰ্কে জিলা প্ৰশাসনক অৱগত কৰি ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছিল। ইয়াৰোপৰি বিভিন্ন দল সংগঠনে বিভিন্ন ময়ত এই ঐতিহাসিক দলংখনৰ সংৰক্ষণ বাবে প্ৰশাসনৰ ওচৰত দাবী জনাই আহিছিল। কিন্তু জিলা প্ৰশাসন তথা গড়কাপ্তানি বিভাগৰ চৰম অৱহেলা তথা অকৰ্মণ্যতাৰ বাবেই বৰ্তমান সময়ত দলংখন সম্পূৰ্ণৰূপে জহি খহি যাব ধৰিছে। উল্লেখ্য যে, কিছু মাহ পূৰ্বে প্ৰশাসন আৰু অএনজিচি কৰ্তৃপক্ষইচৰম পালমৰা মনোভাৱেৰে দলংখনৰ মাজভাগৰ পচি ভাগি যোৱা অংশ লোৰ পাইপেৰে মেৰামতি কৰিছিল যদিও উপযুক্ত সংৰক্ষণৰ তথা মেৰামতিৰ অভাৱত দলংখনৰ আশী শতাংশই ধ্বংসৰ মুখলৈ গতি কৰিছে। শিৱসাগৰ জিলা প্ৰশাসনে গড়কাপ্তানি বিভাগ, পুৰাতত্ত্ব বিভাগ, অএনজিচি আদিৰ সহযোগত এই ব্ৰিটিছ যুগৰ ঐতিহ্য বহন কৰা দলংখন পুনৰ অত্যধুনিক ৰূপত গঢ় দিয়াৰ সলনি পথচাৰীৰ বাবেও যাতায়ত বন্ধ কৰি নিজৰ দায়িত্ব সামৰি আহিবলগীয়া নৱপ্ৰজন্মৰ বাবে সংৰক্ষণ নকৰাটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত।


No comments