Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সাংবাদিক চাইজুৰ ৰহমানলৈ এইচ আৰ ডি চেৰিটেবল ট্ৰাষ্টৰ "আদৰ্শ সংবাদকৰ্মী ২০২১ বঁটা"; বিভিন্ন জনৰ শুভেচ্ছা

  গণবাৰ্তা কেওঁটকুছি, ২৭ জানুৱাৰী:-- গণৰাজ্য দিৱসৰ শুভক্ষণত বুধবাৰে বৰপেটাৰ বহৰিস্থ এইচ আৰ ডি চেৰিটেবল ট্ৰাষ্টে বহৰিত অনুষ্ঠিত কৰা এক আড়ম্বৰ...


 গণবাৰ্তা কেওঁটকুছি, ২৭ জানুৱাৰী:-- গণৰাজ্য দিৱসৰ শুভক্ষণত বুধবাৰে বৰপেটাৰ বহৰিস্থ এইচ আৰ ডি চেৰিটেবল ট্ৰাষ্টে বহৰিত অনুষ্ঠিত কৰা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰতিভাবান যুৱ সাংবাদিক চাইজুৰ ৰহমানক "আদৰ্শ সংবাদকৰ্মী ২০২১"  শীৰ্ষক বঁটা প্ৰদান কৰে। এইচ আৰ ডি চেৰিটেবল ট্ৰাষ্টৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে বহৰিৰ বৰলুইত কনিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাংবাদিক গৰাকীক উক্ত বঁটা প্ৰদান কৰা হয়। তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আবুল কালাম তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে বৰপেটাৰ প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰ, ফেচবুকত যুক্তিপূৰ্ণ লেখাৰে অসমজুৰি চৰ্চিত হোৱা শিখা শৰ্মা, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, শিক্ষক-সাংবাদিক মাইনুল হক চৌধুৰী প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। অনুষ্ঠানটোত উদ্যোক্তাৰ হৈ সাংবাদিক চাইজুৰ ৰহমানক বঁটাটি প্ৰদান কৰে যুক্তিপূৰ্ণ লেখনিৰে চৰ্চিত হোৱা লেখিকা শিখা শৰ্মা আৰু তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আবুল কালাম তালুকদাৰে।  উল্লেখযোগ্য যে বিগত দহ বছৰোধিক অসমৰ সংবাদ ক্ষেত্ৰখনত সক্ৰিয়তাৰে জড়িত হৈ থকা প্ৰতিভাবান যুৱ সাংবাদিক চাইজুৰ ৰহমানে দৈনিক গণ অধিকাৰ, আমি অসমৰ জনগণ, নিউজ ৩০ আদি দৈনিক কাকতৰ গুৱাহাটীস্থিত মুখ্য কাৰ্য্যালয়ত ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে কাৰ্যনিবাহ কৰিছে। নিউজ টাইম অসম তথা বৰ্তমানৰ প্ৰতিদিন টাইমতো তেওঁ সংবাদ সেৱা আগবঢ়াইছে। তদুপৰি বহুকেইখন সাপ্তাহিক কাকত, ৱেৱ নিউজ প'ৰ্টেলৰ স'তেও জড়িত হৈ আহিছে সাংবাদিক চাইজুৰ ৰহমান। অসম বিধান সভাৰ অধিৱেশনৰ সময়ত আৰু দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়ত বাতৰি সংগ্ৰহৰ বাবে বিশেষ পৰিচয় পত্ৰ লাভ কৰা সাংবাদিক চাইজুৰ ৰহমানে একাগ্ৰতা, সততা আৰু নিষ্ঠাৰে সংবাদ সেৱা আগবঢ়াই অহাৰ বাবে তেওঁ ইতিমধ্যে অসম চৰকাৰৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ দ্বাৰা সাংবাদিক হিচাপে সম্বৰ্ধিত হোৱাৰ লগতে সামাজিক, সাংস্কৃতিক অনুষ্ঠান কৃষ্টিৰ সংবাদ প্ৰেৰণা বঁটা-২০১৯ লাভ কৰিবলৈ সক্ষম হৈছে। সাংবাদিক চাইজুৰ ৰহমান বৰ্তমান ৰাষ্ট্ৰীয় চেটেলাইট নিউজ চেনেল ফ'ৰ টিভি নিউজত কৰ্মৰত হৈ থকাৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ লগতে অসমীয়া দৈনিক কাকততো সংবাদ সেৱা আগবঢ়াই আছে। সাংবাদিক গৰাকীয়ে লাভ কৰা উক্ত সন্মানৰ বাবে তেওঁক বৰপেটা জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নিতুমনি দাস, ইণ্ডিয়ান ৰিপ'ৰ্টাৰ্ছ এচোচিয়েছন অসম সমিতিকে ধৰি বহুকেইটা অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে আন্তৰিক শুভেচ্ছা জনাইছে।

No comments