Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট গৰুমৰা হিতসাধনী গ্ৰন্থাগাৰৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

ষ্টাফ ৰিপৰ্টাৰ যোৰহাট,১৫ জানুৱাৰী : যোৰহাটৰ উত্তৰ-পশ্চিম দিশৰ গৰুমৰাৰ গণকবাৰীত ২০১৬ চনৰ পহিলা মাঘত প্ৰতিষ্ঠা কৰা হিতসাধনী গ্ৰন্থাগাৰৰ পঞ্চম ...


ষ্টাফ ৰিপৰ্টাৰ যোৰহাট,১৫ জানুৱাৰী : যোৰহাটৰ উত্তৰ-পশ্চিম দিশৰ গৰুমৰাৰ গণকবাৰীত ২০১৬ চনৰ পহিলা মাঘত প্ৰতিষ্ঠা কৰা হিতসাধনী গ্ৰন্থাগাৰৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি গ্ৰন্থাগাৰটোত পালন কৰা হয়।এই উদ্দেশ্যে অনুষ্ঠিত সভাত গ্ৰন্থাগাৰটোত থকা পোন্ধৰশৰো অধিক গ্ৰন্থ বৰ্ষটোত অধ্যয়ন কৰাসকলৰ শ্ৰেষ্ঠ পঢ়ুৱৈ গৰাকীক প্ৰতি বৰ্ষৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত কেশৱ চন্দ্ৰ দেৱশৰ্মাৰ সোঁৱৰণত বটাঁ প্ৰদান কৰিবলৈ পৰিয়ালবৰ্গৰ হৈ প্ৰতাপ চন্দ্ৰ শৰ্মাই ঘোষণা কৰে।অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক,সমাজকৰ্মী, গ্ৰন্থাগাৰটোৰ প্ৰতিষ্ঠাপক দুৰ্লভ চন্দ্ৰ বৰাই আঁত ধৰা সভাত ৰমেন শইকীয়া, ৰত্নেশ্বৰ ভৰালী, মাণিক লহকৰ,ত্ৰিশূল শইকীয়া, চন্দ্ৰকান্ত বৰা,আনন্দ ফৰা,জয়ন্তমাধৱ শইকীয়া, নগেন বৰা,প্ৰশান্ত দত্ত,নিলম বৰঠাকুৰে গ্ৰন্থাগাৰৰ সম্পৰ্কত বক্তব্য আগবঢ়ায়।তৃষা বৰাই বৰগীত পৰিবেশন কৰা অনুষ্ঠানত ভৈৰবী বৰা,পূজা বৰা,অন্তৰীক্ষা বৰা,ত্ৰিদিশা বৰা,অদিতি বৰাই নৃত্য পৰিবেশন কৰে।প্ৰতাপ চন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰা অনুষ্ঠানত সমবেত সংগীত, দলীয় নৃত্য আৰু মাটিৰ আখৰা প্ৰদৰ্শনকৰা হয় ।দেবানন্দ দলে,দেহচন্দ্ৰ বৰা,নবীন বৰা,প্ৰদীপ বৰা,নীলকান্ত বৰা,মৃণাল কলিতা,নিতুল গগৈ,বিশিষ্ট অতিথিৰূপে উপস্থিত থকা সভাত তিনি বিহুৰ সম্পৰ্কত চিত্ৰ অঁকা প্ৰতিযোগিতাত স্থান লাভ কৰা ত্ৰিদিশা বৰা,দুমণি বৰা,ভৈৰবী বৰা,অদিতি বৰাক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বীৰেন্দ্ৰ নাথ বৰাই পুৰষ্কাৰ প্ৰদান কৰে।উল্লেখ্য, উক্ত কাৰ্যসুচীতে হিতসাধনী পুথিভঁৰাললৈ ভালেকেইজন ব্যক্তিয়ে গ্ৰন্থৰ টোপোলা প্ৰদান কৰে।অনুষ্ঠানত ধনখুলৈৰ শংকৰদেৱ বিদ্যাপীঠ জাতীয় বিদ্যালয়,শংকৰদেৱ সংগীত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,শিক্ষাৰ্থী, অভিভাৱকৰ উপৰি স্থানীয় ভালেসংখ্যক লোক উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

No comments