গণবাৰ্তা বিশেষ,ঢেকিয়াজুলি,১২জানুৱাৰীঃ যি সময়ত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনে প্ৰতিটো গ্ৰামাঞ্চলত দীন দয়াল উপাধ্যায়ৰ নামত গ্ৰাম্য বৈদ্...
গণবাৰ্তা বিশেষ,ঢেকিয়াজুলি,১২জানুৱাৰীঃ যি সময়ত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনে প্ৰতিটো গ্ৰামাঞ্চলত দীন দয়াল উপাধ্যায়ৰ নামত গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ জৰিয়তে প্ৰতিটো দৰিদ্ৰ পৰিয়ালক বিনামূলীয়াকৈ বিদ্যুত যোগানৰ এক বৃহৎ আচনি ৰূপায়ণ কৰিছে ঠিক সেই সময়তে চৰকাৰৰ এই আঁচনিক ভেঙুচালি কৰি বিদ্যু প্ৰদানৰ নামত চৰম দায়িত্বহীনতাৰ পৰিচয় দাঙি ধৰিছে ৰঙাপৰা বিদ্যুত উপ সংমণ্ডলে। বিভাগীয় কতৃপক্ষৰ চৰম দায়িত্বহীনতাৰ বাবেই স্বাধীনতাৰ ৭৩বছৰে বিদ্যু লাভৰ পৰা বঞ্চিত হৈছে বৰছলা বিধান সভা সমষ্টি এলেকাৰ বাঁহবাৰী পঞ্চায়তৰ ঘগৰা গ্ৰান্ট এখন গাওঁ। উল্লেখ্য যে শোণিতপু জিলাৰ বৰছলা বিধান সভা সমষ্টিৰ ২নং ঘগৰা গ্ৰান্ট গাওঁত আজিও নপৰিল বিদ্যুৎৰ পোহৰ৷ ৰঙাপৰা বিদ্যুৎ উপ সংমণ্ডল এলেকাৰ ২নং ঘগৰা গ্ৰান্ট গাওঁ খনত বিগত চাৰিবছৰ পূৰ্বে বিদ্যুত যোগানৰ নামত বিদ্যুৎৰ খুঁটা পুতি তাঁৰ সমূহ ঠিক মতেই সংযোগ কৰাৰ পাছতেই কেনা লাগিল বিভাগটোত৷ কেৱল খুঁটা পুঁতি তাঁৰ লগাই দ্বায়িত্ব সামৰিলে বিদ্যুৎ বিভাগে৷ উল্লেখ্য যে প্ৰায় দুই শতাধিক পৰিয়াল বসবাস কৰা অঞ্চলটোত দীৰ্ঘ দিন ধৰি নিশা হ’লেই বনৰীয়া হাতীয়ে উপদ্ৰব চলাই আহিছে । তেনে প্ৰেক্ষাপটত গাওঁ খনত সন্ধিয়া নমাৰ লগে লগেই অন্ধকাৰছন্ন হৈ পৰে বৃহৎ অঞ্চলটো৷বছৰ বছৰ ধৰি কেৰাচিনৰ চাকি, লেম্প আদি ব্যৱহাৰ কৰি ভীষন কষ্টৰ মাজেৰে গাওঁ খনৰ লোক সকলে বসবাস কৰি আহিছে। এই ক্ষেত্ৰত বিভাগীয় বিষয়া -অভিযন্তাক বহুবাৰ আবেদন নিবেদন কৰিও কোনো ধৰনৰ সুফল লাভ কৰা নাই বুলিও সাংবাদিকক জানিবলৈ দিয়ে গাওঁবাসীয়ে৷ আনহাতে বৰছলাৰ বিধায়ক গনেশ লিম্বুকো এই ক্ষেত্ৰত স্থানীয় গাঁওবাসীয়ে বাৰম্বাৰ জনোৱাৰ পাছতো বিধায়ক গৰাকীয়ে কোনো পদক্ষেপেই গ্ৰহণ কৰা নাই বুলিও অভিযোগ তুলে গাওঁ বাসীয়ে।গুৰূত্বপূৰ্ণ কথা যে চৰকাৰে দৰিদ্ৰ লোক সকলৰ বাবে আঁচনি ঠিকেই ৰূপায়ন কৰে যদিও একাংশ বিষয়া কৰ্মচাৰীৰ অবহেলা আৰু দায়িত্বহীনতাৰ বাবেই চৰকাৰী আচনি সফল ৰূপায়ণত ব্যৰ্থ হোৱা বুলিও অভিযোগ উত্থাপন হৈছে। বিদ্যুত বিভাগৰ এনে চৰম দায়িত্বহীন কাণ্ডৰ বিৰুদ্ধে স্থানীয় বিধায়ক আৰু বিয়াগোম বিভাগটোৱে অঞ্চলটোত বিদ্যুত প্ৰদানৰ ক্ষেত্ৰত কেনে ভূমিকা গ্ৰহন কৰে সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হব যদিও নিৰ্বাচনৰ পূৰ্বে যদি অঞ্চলটো বিদ্যুতৰ সংযোগ নহয় তেন্তে ইয়াৰ পৰিনাম বিধায়ক গৰাকীয়ে ভূগিব লাগিব বুলিও স্পষ্ট কৰি দিছে গাওঁ বাসীয়ে।
No comments