গনবাৰ্তা, কলাইগাঁও,২০ জানুৱাৰী: ওদালগুৰি জিলাৰ কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বিনন্দ চন্দ্ৰ বৰুৱাৰ সোমবাৰে টংলাৰ...
গনবাৰ্তা, কলাইগাঁও,২০ জানুৱাৰী: ওদালগুৰি জিলাৰ কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বিনন্দ চন্দ্ৰ বৰুৱাৰ সোমবাৰে টংলাৰ চাৰি নং ওৱাৰ্ডস্থিত বাসগৃহত আকস্মিক মৃত্যু হোৱাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। জানিব পৰামতে সোমবাৰে বিয়লি হঠাতে উচ্চ ৰক্তচাপ তথা হৃদৰোগত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ টংলাৰ চিকিৎসালয়লৈ নিছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। উল্লেখযোগ্য যে দৰং জিলাৰ দীঘিৰপাৰাত জম্ম গ্ৰহণ কৰা বৰুৱাৰ কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ পদত নিযুক্তি লাভ কৰি সুদীৰ্ঘদিন ধৰি দক্ষতাৰে শিক্ষা দান দি ভাৰপ্ৰাপ্ত অধ্যক্ষৰ আসনো অলংকৃত কৰিছিল। উপাধ্যক্ষ পদত নিয়োজিত হৈ থকাৰ সময়তে ১৯৯৮ চনত অৱসৰ গ্ৰহণ কৰা বিনন্দ চন্দ্ৰ বৰুৱাই মৃত্যুৰ আগমুহূৰ্তলৈ কলাইগাঁও প্ৰগতি সংঘৰ সভাপতিৰ দায়িত্বত অধিস্থিত হৈ আছিল। অসম সাহিত্য আৰু শালৈ সম্মিলনৰ আজীৱন সভ্য বৰুৱাই কলাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সম্মিলন, কলাইগাঁও শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱ, কলাইগাঁও ৰামজানকী মন্দিৰ, অন্যান্য পিচপৰা শ্ৰেণী আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ স'তে জড়িত থাকি সমাজৰ প্ৰগতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। তেখেতে মৃত্যুৰ সময়ত অৱসৰপ্ৰাপ্ত শিক্ষক পত্নী বীনা বৰুৱা সহ তিনি সুযোগ্য পুত্ৰ-বোৱাৰী আৰু কেইবাজনো নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায়।
No comments