ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট,৭ জানুৱাৰী: অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা , যতীন বৰা আৰু অভিনেত্ৰী তথা বোলছবি প্ৰযোজক নৱনীতা শৰ্মা বৰাৰ দ্বাৰ...
ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট,৭ জানুৱাৰী: অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা , যতীন বৰা আৰু অভিনেত্ৰী তথা বোলছবি প্ৰযোজক নৱনীতা শৰ্মা বৰাৰ দ্বাৰা যোৰহাটৰ মইনাপৰীয়া নামঘৰত আজি ৰোপন কৰা হ'ল বিভিন্ন প্ৰজাতিৰ অৰ্কিড।যোৰহাটৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান "দা ইভেণ্টৰ" উদ্যোগত আয়োজিত "স্বচ্ছ আৰু সেউজীয়া" শীৰ্ষক এই অনুষ্ঠানত যতীন বৰা আৰু নৱনীতা শৰ্মা বৰালৈ দা ইভেণ্টৰ তৰফৰ পৰা আগবঢ়োৱা হয় বিশেষ সন্মান।এই অনুষ্ঠানতে দা ইভেণ্টৰ সভাপতি সমীৰ ৰয়ৰ সামগ্ৰিক পৰিকল্পনা আৰু ব্যৱস্থাপনাত কেইবাজোপা গছত যতীন বৰা আৰু নৱনীতা শৰ্মা বৰাৰ দ্বাৰা ৰোপন কৰা হয় অৰ্কিড।মইনাপৰীয়া নামঘৰৰ সাংস্কৃতিক সম্পাদক চন্দন নেওগ প্ৰমুখ্যে বিষয়ববীয়া,সামাজিক অনুষ্ঠান প্ৰজ্ঞা সাৰথিৰ সমন্বয়ক দিগন্ত বৰুৱা,শৰৎ ডেকাৰ লগতে দা ইভেণ্টৰ ভালেসংখ্যক কৰ্মকৰ্তা উপস্থিত থকা অনুষ্ঠানত যতীন বৰাই ভাষণ প্ৰসংগত কয় যে "দা ইভেণ্ট"ৰ উদ্যোগত মইনাপৰীয়া নামঘৰৰ পৰাই 'ৰত্নাকৰ'ৰ বাবে সজাগতা আৰু সৃষ্টিমূলক প্ৰচাৰৰ জয়যাত্ৰাৰ শুভাৰম্ভণি ঘটিছিল।সেই কথা ৰোমন্থন কৰি সমীৰ ৰয়ক ধন্যবাদ জ্ঞাপন কৰে।নৱনীতা শৰ্মাই কয় যে প্ৰভুৱে কৃপা কৰা বাবে ৰত্নাকৰে বিশেষ জনপ্ৰিয়তা আৰু সাফল্য লাভ কৰিলে।সেয়ে তেওঁ মইনাপৰীয়া নামঘৰলৈ ভাওনা এভাগি আগবঢ়োৱাৰ সংকল্প লৈছিল।অহা ফেব্ৰুৱাৰী ১০ তাৰিখে সেই সপোন পূৰ্ণ হ'ব।ভাওনাভাগিৰ নাম নৃসিংহ মুৰাৰী।
No comments