গণবাৰ্তা, ঘগ্ৰাপাৰ ৮ জানুৱাৰী: ভাৰতীয় সংস্কৃতিত দেৱীক পূজা কৰা হয় বাবেই ভাৰতীয় সংস্কৃতিত নাৰীৰ স্থান বহু ওপৰত। সমাজ এখনত ভাল দিশ নিৰ্ণয় কৰ...
গণবাৰ্তা, ঘগ্ৰাপাৰ ৮ জানুৱাৰী: ভাৰতীয় সংস্কৃতিত দেৱীক পূজা কৰা হয় বাবেই ভাৰতীয় সংস্কৃতিত নাৰীৰ স্থান বহু ওপৰত। সমাজ এখনত ভাল দিশ নিৰ্ণয় কৰিবলৈ মাতৃ পূজাৰ প্ৰয়োজন আছে। লগতে ছাত্ৰ-ছাত্ৰীৰ সৃজনীমূলক প্ৰতিভা বিকাশৰ বাবে হাতে লিখা আলোচনীৰো প্ৰয়োজন আছে। নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ শিক্ষাখণ্ডৰ অন্তৰ্গত এখন উল্লেখযোগ্য গলিয়া প্ৰাথমিক বিদ্যালয়ৰ নতুন বৰ্ষৰ আৰম্ভনিতে মাতৃ পূজা আৰু সহ শিক্ষক জ্যোতিষ দাসৰ তত্বাৱধানত উলিওৱা হাতে লিখা আলোচনী 'প্ৰয়াস' উন্মোচন কৰি এই মন্তব্য আগবঢ়ায় বনভাগ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতাই । কলিতাই মহাকাশচাৰী কল্পনা চাওলাৰ উদাৰণ দি ছাত্ৰ-ছাত্ৰীক জীৱন যুদ্ধত আগুৱাবলৈ লক্ষ্য স্থিৰ কৰিব লাগিব বুলিও কয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী বিনিতা তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আৰু ছাত্ৰ সংসদৰ প্ৰধান সেৱক গীতাৰ্থ তালুকদাৰ আৰু ছাত্ৰী দিদৃক্ষা মহন্তই আঁতধৰা সভাখনত উপস্থিত থাকি সাংবাদিক ৰবীন্দ্ৰ নাথ কলিতাই দৰিদ্ৰতা প্ৰতিভা বিকাশৰ অন্তৰায় নহয় বুলি কৈ ছাত্ৰ-ছাত্ৰীক পাৰ্যমানে সময় দিবলৈ অভিভাৱকক অনুৰোধ জনায়। সভাৰ আন এজন অতিথি সাংবাদিক হামিদ আলীয়ে কয় যে শৈক্ষিক উত্তৰণত শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক তিনিওটাৰ সু-সম্পৰ্কৰ খুবেই প্ৰয়োজন। তেওঁ ঘগ্ৰাপাৰ অঞ্চলৰ কিছুমান কৃতী শিক্ষকৰ কথা কৈ তেখেত সকলক অনুসৰন কৰি শিক্ষক সকলক আগবাঢ়ি যাবলৈ আহ্বান জনায়। এটি গুৰু বন্দনাৰে আৰম্ভ হোৱা সভাত প্ৰধান শিক্ষক গিৰীন্দ্ৰ কাশ্যপে আদৰণি ভাষনত মাতৃ পূজা আৰু হাতে লিখা আলোচনীৰ প্ৰয়োজনীয়তাৰ কথা কোৱাৰ লগতে লক ডাউনৰ অভিজ্ঞতাৰ কথা দোহাৰে। সভাত জ্যেষ্ঠ নাগৰিক অৰিবন্দ কলিতায়ো দু-আষাৰ বক্তব্য ৰাখে।সভাৰ মাজতে ছাত্ৰ কাৰ্তিক তালকুদাৰে এটি গীত আৰু প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে এটি ভংগীমা পৰিৱেশন কৰি সভাৰ সকলোকে আপ্লুত কৰে। সভা আৰম্ভ কৰাৰ আগমুৰ্ত্তত ছাত্ৰ-ছাত্ৰীয়ে মাতৃৰ চৰণ ধুৱাই আৰু পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণৰে মাতৃ পূজা কৰে। সভাত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকল, পৰিচালনা সমিতি, মাতৃগোট আৰু বিদ্যালয়ৰ শুভাকাংক্ষী সকল উপস্থিত থাকে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সহ শিক্ষক হাৰুনাৰ ৰচিদে। বিদ্যালয়খনৰ এনে কাৰ্যসূচীত বিদ্বৎ সমাজে ভূয়সী প্ৰশংসা কৰিছে।
No comments