Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বকুল বন বঁটা ঘোষণা; লোক গীত, লোক বাদ্যৰ ওজা নগাওঁ ৰ দেৱকান্ত শইকীয়া লৈ বকুল বন বঁটা ঘোষণা

  গণবাৰ্তা বিশেষ যোৰহাট, ১২ জানুৱাৰী:  বকুল বন ন্যাস, অসমৰ উদ্যোগত প্ৰত্যেক বছৰেই বিশিষ্ট কবি, সাংবাদিক, গল্পকাৰ, তথা অসম সাহিত্য সভাৰ প্ৰাক...


 গণবাৰ্তা বিশেষযোৰহাট, ১২ জানুৱাৰী:  বকুল বন ন্যাস, অসমৰ উদ্যোগত প্ৰত্যেক বছৰেই বিশিষ্ট কবি, সাংবাদিক, গল্পকাৰ, তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আনন্দ চন্দ্ৰ বৰুৱা ৰ সোৱৰণত প্ৰদান কৰি অহা হৈ আহিছে বকুল বন বঁটা। ৰাজ্যৰ ভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা লোক শিল্পী সকলক সন্মান প্ৰদান কৰাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰি আহিছে বকুলবন ন্যাস অসমে। আৰু প্ৰত্যেক বছৰেই প্ৰদান কৰি অহা হৈছে এই বঁটা। চলিত বর্ষত এই বঁটাৰ বাবে নাম ঘোষণা কৰা হৈছে অসমীয়া সংস্কৃতিৰ এজন একনিষ্ঠ সাধক, বিভিন্ন প্ৰকাৰৰ লোকগীত, লোকবাদ্য ৰ ওজা নগাওঁ জিলাৰ জামগুৰিৰ কুণ্ডাৰৱৰী গাওঁ ৰ দেৱকান্ত শইকীয়া। প্ৰতি বছৰে  অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ আগদিনা ঘোষণা কৰা এই সন্মানীয় বঁটাটিৰ বিষয়ে আজি ঘোষণা কৰে বকুলবন সমাজৰ সভাপতি সমীৰণ বৰদলৈ আৰু সম্পাদক ডঃ সৌমিত্ৰ পূজাৰীয়ে। উল্লেখযোগ্য যে , অহা ২৭ ফেব্ৰুৱাৰী তাৰিখে যোৰহাট জিলা সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য্যালয়স্থিত দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হব লগীয়া এই বঁটা প্ৰদান অনুষ্ঠান ত প্ৰদান কৰিব লগীয়া এই বঁটা ত আছে এখন ফলক, প্ৰশস্তি পত্ৰ, আৰু নগদ দহ হাজাৰ টকা। উল্লেখযোগ্য যে, বৰ্তমান ৬২ বছৰত ভৰি দিয়া এইবাৰৰ সন্মানীয় বকুলবন বঁটা প্ৰাপক শিল্পী গৰাকীয়ে কৃষি কৰ্মৰে জীৱিকা নিৰ্বাহ কৰি এটি সম্পূৰ্ণ গ্ৰাম্য পৰিবেশত নিজৰ সংস্কৃতিৰ সাধনা অব্যাহত ৰাখিছে। কামৰূপীয়া লোকগীত, গোৱালপৰীয়া লোকগীত, টোকাৰী গীত, দেহ বিচাৰ গীত, আদি নিয়মিত ভাৱে চৰ্চা কৰা এই শিল্পী গৰাকীয়ে এসময়ত এসময়ৰ বিশিষ্ট শিল্পী ৰামেশ্বৰ  পাঠকৰ পৰা লোকগীত ৰ শিক্ষা লৈছিল। আকাশবাণী তথা বিভিন্ন টেলিভিছন চেনেলত গীত পৰিবেশন কৰা এই শিল্পী গৰাকীয়ে কেইবাটাও কেছেট ত গীত পৰিবেশন কৰিছে। তেখেতে বৰ্তমান কৃষি কৰ্মৰ উপৰিও বিভিন্ন বাঁহ বেতেৰে সামগ্ৰী নিৰ্মান কৰাত নিজকে নিয়োজিত কৰিছে।

No comments