পুলেন্দ্ৰ দাস, বৰপেটা, ১ জানুৱাৰী : ইংৰাজী নৱ বৰ্ষৰ প্ৰথম দিনটোতেই বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত হস্পিতালত এক ব্যতিক্...
পুলেন্দ্ৰ দাস, বৰপেটা, ১ জানুৱাৰী : ইংৰাজী নৱ বৰ্ষৰ প্ৰথম দিনটোতেই বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত হস্পিতালত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হয় ৷ চিকিৎসা মহাবিদ্যালয় হস্পিতালখনৰ নব নিযুক্ত অধ্যক্ষ ডা° ৰমেন তালুকদাৰৰ উদ্যোগত ছাত্ৰ ছাত্ৰী, লেবৰেটৰী টেকনিচিয়ান আৰু কৰ্মচাৰী সকলে চিকিৎসা মহাবিদ্যালয় হস্পিতালখনৰ উৎকৰ্ষতাৰ বাবে কাম কৰি যোৱাৰ লগতে আৰ্তজনক নিস্বাৰ্থভাৱে সেৱা কৰাৰ বাবে সমূহীয়াকৈ সংকল্প গ্ৰহণ কৰে ৷ ইংৰাজী নতুন বৰ্ষৰ প্ৰথম দিনটোৰ দিনৰ প্ৰায় ১২ বজাত চিকিৎসা মহাবিদ্যালয় হস্পিতাল চৌহদৰ উদ্যানত সমবেত হৈ নতুন উদ্যমেৰে কাম কৰি যোৱাৰ বাবে সংকল্প গ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰীসহ চিকিৎসক-কৰ্মচাৰী সকলে ৷ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ সৰ্বাংগীণ উন্নতিৰ বাবে সেৱাৰ মনোভাৱেৰে কাম কৰি যোৱাৰ বাবেও সংকল্প গ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰীসহ চিকিৎসক-কৰ্মচাৰী সকলে ৷ সকলোৰে সন্মুখত ছাত্ৰ-ছাত্ৰী, লেবৰেটৰী টেকনিচিয়ান আৰু কৰ্মচাৰী সংস্থাৰ বিষযববীয়া সকলে সংকল্প বাক্য পাঠ কৰায় ৷ ইপিনে নৱ নিযুক্ত অধ্যক্ষগৰাকীৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই নৱবৰ্ষৰ প্ৰথম দিনটোত চিকিৎসা মহাবিদ্যালয়খনৰ আন্ত:গাঁথনিৰ উন্নয়নৰ বাবে বিভিন্ন সংস্থাই আগবঢ়ায় বিভিন্ন দান-বৰঙনি ৷ গৌতম কনষ্ট্ৰাকচনে চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে ক্ৰিকেট আৰু ফুটবল গ্ৰাউণ্ড, মেচাৰ্চ শ্ৰীকৃষ্ণ এন্টাৰ প্ৰাইজে বেডমিন্টন কোৰ্ট নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে শ্ৰীগণেশ ট্ৰেড্ৰাৰ্চে ৰোগী সকলৰ সুবিধাৰ বাবে ছয়খন হুইল চিয়াৰ আৰু বৰপেটা জিলা কৰ্মচাৰী পৰিষদে সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ফুলৰ টাব প্ৰদান কৰে ৷ এই প্ৰতিষ্ঠান কেইটাৰ স্বত্তাধিকাৰী সকলক চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা ৰাজহুৱা ভাৱে কৃতজ্ঞতা জনোৱা হয় ৷ এই অনুষ্ঠানতে ৰাইজ আৰু সংবাদ মাধ্যমৰ সহযোগত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ উন্নতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰি যোৱাৰ অংগীকাৰৰ কথা উল্লেখ কৰে অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে ৷ চিকিৎসালয়খনত পূৰ্বৰে পৰা চলি থকা দালালৰাজ বন্ধ কৰাৰ বাবে জিলা প্ৰশাসন, সংবাদ মাধ্যম আৰু স্থানীয় ৰাইজৰ সহায় সহযোগিতা কামনা কৰে অধ্যক্ষ গৰাকীয়ে ৷ এই অনুষ্ঠানত চিকিৎসা মহাবিদ্যালয় হস্পিতালখনৰ চকু, নাক কান বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ বিৰাজ কুমাৰ দাস, চিকিৎসক সংস্হাৰ সভাপতি ডাঃ হৰেণ শৰ্মা, হস্পিতালৰ অধীক্ষক ডাঃ দিগন্ত দাস, উপ অধীক্ষক ডাঃ হৰেকৃষ্ণ সাহা, ডাঃ তিলক পাঠক, ডাঃ হৰিষাদিত্য দাস, ডাঃ উদ্দীপ তালুকদাৰ, ডাঃ অপূৰ্ব ভড়ালী, ডাঃ সঞ্জয় ভট্টাচাৰ্য, ডাঃ হৰ্ষজিৎ পাঠকৰ লগতে চিকিৎসা মহাবিদ্যালয় হস্পিতালখনৰ জ্যোষ্ঠ কনিষ্ঠ চিকিৎসক সকল, ছাত্ৰ ছাত্ৰী সংস্হাৰ বিষয়ববীয়া, কৰ্মচাৰী সংস্হাৰ বিষয়ববীয়া আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল উপস্হিত থাকে ৷
No comments