ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ১ জানুৱাৰীঃ ৩০ ডিচেম্বৰৰ নিশা ৰহস্যজনকভাৱে অগ্নিদগ্ধ হোৱা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ব...
ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ১ জানুৱাৰীঃ ৩০ ডিচেম্বৰৰ নিশা ৰহস্যজনকভাৱে অগ্নিদগ্ধ হোৱা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° পমী তালুকদাৰ (৩৫)ৰ আজি দিনৰ ২.৩০ বজাত মৃত্যু ঘটে। গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত জীৱন মৃত্যুৰ সৈতে যুঁজি থকা মেধা সম্পন্ন যুৱতী অধ্যাপিকাগৰাকীয়ে আজি অৱশেষত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে। নলবাৰীৰ জাপাৰকুছি নিৱাসী প্ৰয়াত বৈকুণ্ঠ তালুকদাৰৰ কনিষ্ঠ জীয়ৰী পমী তালুকদাৰৰ অকাল মৃত্যুত নলবাৰীত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, তীক্ষ্ণ মেধা সম্পন্ন যুৱতী অধ্যাপিকাগৰাকী ৩০ ডিচেম্বৰৰ নিশা ঘৰত অকলশৰে থকা অৱস্থাত অগ্নিদগ্ধ হোৱা বুলি সন্দেহ কৰা হৈছিল যদিও পৰিয়ালে অভিযোগ কৰা মতে অশ্বিনী ডেকা নামৰ লম্পট এটাই পৰিয়ালটোৰ আন সদস্য নথকাৰ সুযোগতে যুৱতীগৰাকীৰ দেহত কেৰাচিন তেল ঢালি জ্বলাই দিছিল। উক্ত ঘটনাত দেহৰ অৰ্ধেক অংশ অগ্নিদগ্ধ হোৱা অধ্যাপিকাগৰাকীক পাষানে নিজকে দোষমুক্ত কৰাৰ চলেৰে গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত কালি চিকিৎসালয়খনৰ পৰা পলায়ন কৰে। ইফালে, উক্ত ঘটনাৰ সময়ত আন এগৰাকী কন্যাৰ গৃহত থকা যুৱতীগৰাকীৰ মাতৃ হিৰণ্ময়ী তালুকদাৰে কালি এই সন্দৰ্ভত নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে অভিযুক্ত অশ্বিনী ডেকা নামৰ বৰ আজাৰাৰ পাষানটোক গ্ৰেপ্তাৰ কৰে। আটকাধীন লম্পটটোক আজি নলবাৰীৰ আদালতত হাজিৰ কৰাত আদালতে লম্পটোক জে'ল হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, নলবাৰী কাৰাগাৰৰ অৱসৰপ্ৰাপ্ত অধীক্ষক প্ৰয়াত বৈকুণ্ঠ তালুকদাৰৰ জীয়ৰী পমী তালুকদাৰ সৰুৰে পৰা আছিল তীক্ষ্ণ মেধা সম্পন্ন। নলবাৰী গোপাল বজাৰৰ জ্ঞানপীঠ হাইস্কুলত প্ৰথমে শিক্ষয়িত্ৰী হিচাপে কাম কৰা পমীয়ে প্ৰায় দুবছৰ পূৰ্বে নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগত সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰিছিল। এক সূত্ৰে জনা মতে, লম্পট বিবাহিত অশ্বিনী ডেকা আছিল প্ৰতিশোধ পৰায়ন মনোভাৱৰ। পমীৰ পৰিয়ালৰ সম্পত্তি হস্তগত কৰা, চাকৰিৰ ধন আত্মসাৎ কৰাকে ধৰি বিভিন্ন কাৰণত দীৰ্ঘদিন ধৰি অবৈধ প্ৰেমৰ চলনাৰে ব্লেকমেইলিং কৰি আহিছিল ধূৰন্ধৰ অশ্বিনীয়ে। যুৱতী অধ্যাপিকাগৰাকীৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি লম্পট অশ্বিনীয়ে তেওঁৰ ওপৰত দীৰ্ঘদিন ধৰি চলাই আহিছিল শাৰীৰিক তথা মানসিক নিৰ্যাতন। ইয়াকে লৈ পমীৰ পৰিয়ালে পূৰ্বেও অশ্বিনী ডেকাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। এনে পৰিবেশত পমীয়ে ধূৰন্ধৰ অশ্বিনীৰ নাগপাশৰ পৰা উদ্ধাৰ হ'বলৈ আপ্ৰাণ চেষ্টা চলোৱাত খড়্গহস্ত হৈ অশ্বিনীয়ে কেৰাচিন তেল ঢালি যুৱতী অধ্যাপিকাগৰাকীক জ্বলাই দিয়ে। নৱবৰ্ষৰ প্ৰথম দিনটোত প্ৰতিভাৱান অধ্যাপিকা গৰাকীৰ বিয়োগত ম্ৰিয়মান হৈ পৰিছে সংস্কৃত বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ লগতে নলবাৰীবাসী।
No comments