Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লাইকা-দধিয়াবাসীলৈ ১৩ শ পৰিয়ালক ১ লাখকৈ আৰ্থিক সাহাৰ্য ঘোষনা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

তুলসী মান্তা, জাগীৰোড ৩০ জানুৱাৰী: জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰে উদুলি-মুদুলি নেলীৰ মকৰীয়া ৷ অধিৱেশনৰ আজি দ্বিতীয় দিনা অধিবেশনৰ মুকলি সভাত মূখ...


তুলসী মান্তা, জাগীৰোড ৩০ জানুৱাৰী: জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰে উদুলি-মুদুলি নেলীৰ মকৰীয়া ৷ অধিৱেশনৰ আজি দ্বিতীয় দিনা অধিবেশনৰ মুকলি সভাত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ নেলীৰ মকৰীয়াত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮ তম্‌ সাধাৰণ অধিৱেশন ৷ অধিৱেশনৰ আজি দ্বিতীয় দিন ৷ দ্বিতীয় দিনা মকৰীয়াৰ স্বৰ্গীয় গিৰিধৰ পাটৰ সোঁৱৰণি সমন্বয় ক্ষেত্ৰত উখল-মাখল পৰিৱেশ ৷  অধিৱেশনৰ দ্বিতীয় দিনাৰ মুল কাৰ্যসূচী মুকলি সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ মুকলি সভাত লাইকা-দধিয়াবাসীলৈ মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰে আৰ্থিক সাহাৰ্য ৷ অসম চৰকাৰৰ এই বিশেষ পেকেজত প্ৰতিটো পৰিয়াললৈ প্ৰদান কৰা হব ১ লাখ টকাকৈ  ৷ পূনৰ সংস্থাপনৰ বাবে ১৩ শ পৰিয়াললৈ প্ৰদান কৰা হব এই ধন ৷ আনহাতে ৰাজ্যত সংঘটিত হোৱা বেদখল যিকোনো প্ৰকাৰে উচ্ছেদ কৰা হব আৰু এইক্ষেত্ৰত ভূমিপুত্ৰ সকলে চকু দিব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ ইফালে সদৌ অসম ট্ৰাইবেল সংঘৰ সৈতে অসম চৰকাৰ সদায় আছে আৰু জনগোষ্ঠী সমূহৰ যিকোনো সমস্যা সমাধানৰ বাবে অসম চৰকাৰ সদায় দায়বদ্ধ বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে অসমৰ বৰাক ব্ৰহ্মপুত্ৰৰ ৩৫ টাকৈ জনগোষ্ঠীয় লোকৰ শিক্ষা, ক্ৰীড়া আৰু সংস্কৃতিৰ উন্নয়নৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনে যথেষ্ট কাম কৰা বুলিও মুকলি সভাত উল্লেখ কৰে সৰ্বানন্দ সোনোৱালে ৷ মুুুুকলি সভাত লক্ষীমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী পীযুষ হাজৰিকা, মৰিগাঁৱৰ বিধায়ক  ৰমাকান্ত দেউৰী, ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস, তিৱা স্বায়ত্ত্ব পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ , উপ-মূখ্য কাৰ্যবাহী সদস্য তুলসী বৰদলৈ, বি টি চি ছীফ প্ৰমোদ বড়ো, ডব্লিউ পি টি বিভাগা মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু মৰিগাঁৱৰ উপায়ুক্ত লীনা দাস উপস্থিত থাকে ৷ 

No comments