Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিধায়ক জাকিৰ হুছেইন সিকদাৰে কথা দি কথা ৰখাত উৎফুল্লিত অঞ্চলবাসী

জাৰাবাৰী,২৮জানুৱাৰী: গুমিৰপথাৰ, কপাহটাৰী, পানীমৰিছা, মৰিছা পাথাৰ  বাসিন্দাসকলে এই অঞ্চলৰ মাজৰে বৈ যোৱা পহুমাৰা নদীৰ ওপৰত কোনো  দলং নথকা বাবে...


জাৰাবাৰী,২৮জানুৱাৰী: গুমিৰপথাৰ, কপাহটাৰী, পানীমৰিছা, মৰিছা পাথাৰ  বাসিন্দাসকলে এই অঞ্চলৰ মাজৰে বৈ যোৱা পহুমাৰা নদীৰ ওপৰত কোনো  দলং নথকা বাবে  স্বাধীনোত্তৰ কালৰ পৰা যাতায়ত ব্যৱস্থাত হাৰাশাস্তি খাই আহিছিল। কেতিয়াবা বাঁহৰ সাঁকোৰে কেতিয়াবা নাৱৰে অঞ্চলবাসীয়ে ইপাৰৰ পৰা সিপাৰ যাতায়ত কৰিব লগা হৈছিল। সময়ে সময়ে নিৰ্বাচনৰ আগত বিভিন্ন ৰাজনৈতিক নেতাই দলংখনৰ গুৰুত্বৰ কথা ডিঙিৰ শিৰা ফুলাই নেতাবোৰে  ভাষণত কৈছিল লগতে বিধায়ক হিছাপে নিৰ্বাচিত হলেই এখন সুন্দৰ দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্ত প্ৰতিশ্ৰুতিবোৰ প্ৰতিশ্ৰুতি হৈয়ে আছিল। ২০১৬ত বিধায়ক হিচাপে নিৰ্বাচিত হোৱা জাকিৰ হুছেইন সিকদাৰৰ কাৰ্যকালতো দলংখন নহব বুলি ভাবিছিল বহুতে কাৰণ ইতিমধ্যে বিধায়কৰ কাৰ্যকালৰ চাৰিবছৰ উকলি গৈছিল। কিন্তু চাৰিবছৰ উকলি গলেও হঠাৎ যোৱা নৱেম্বৰ  মাহত জাকিৰ হুছেইন সিকদাৰে ইয়াৰ আধাৰশিলা স্থাপন কৰে। বহুতে ইয়াক আধাৰশিলা স্থাপনতে সীমাবদ্ধতা থাকিব বুলি ইতিকিং কৰিছিল। কিন্তু বিধায়কৰ তৎপৰতাত দ্ৰুতগতিত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত আজি। এক দীৰ্ঘদিনীয়া যাতায়তৰ যাতনাৰ পৰা মুক্তি পোৱাত অঞ্চলবাসী আনন্দিত হোৱাৰ লগতে বিধায়কক ধন্যবাদ জ্ঞাপন কৰিছে বহুতে সামাজিক মাধ্যম ফেছবুকৰ জৰিয়তে।

No comments