বাবু মনি শৰ্মা, মৰিগাঁও,১৭ জানুৱাৰী: শিল্পী দিৱস উপলক্ষে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই আজি সাহিত্য, সংস্কৃতি, সংগীত, নাট্য চৰ্চা, চিত্ৰ ক...
বাবু মনি শৰ্মা, মৰিগাঁও,১৭ জানুৱাৰী: শিল্পী দিৱস উপলক্ষে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই আজি সাহিত্য, সংস্কৃতি, সংগীত, নাট্য চৰ্চা, চিত্ৰ কলা আদি দিশত অৱদান আগবঢ়োৱা জিলাখনৰ ১০ গৰাকীকৈ বিশিষ্ট ব্যক্তিক ঘৰে ঘৰে সম্বৰ্ধনা জনোৱা হয়। আজি মৰিগাঁও আছুৰ উদ্যোগত সম্বৰ্ধনা জনোৱা শিল্পী সকল হৈছে-- প্ৰভাত নাথ,কোলেশ্বৰ সেনাপতি, আব্দুল ৰাজেক, শীলা পাল, গোপাল নাথ,নিলেশ্বৰ শইকীয়া,পদ্মেশ্বৰ নাথ, চন্দ্ৰিকাৱালা দেৱী,সত্যন্ন বৰদলৈ,ৰুহিন্দ্ৰ ডেকা। সম্বৰ্দ্ধনা জ্ঞাপন কৰি সদৌ মৰিগাঁও জিলা সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে কয় যে- শিল্পৰ সাধনা ঈশ্বৰৰ আৰাধনাসদৃশ । শিল্পকলা সমাজ এখনৰ সাংস্কৃতিক ৰুচিবোধৰ মাপকাঠী । শিল্পৰ ধাৰাই একো একোটা যুগৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক বাতাবৰণৰ সৈতে পৰৱৰ্তী প্ৰজন্মক চিনাকী কৰাই দিব পাৰে ।এজন দক্ষ শিল্পীৰ আঁৰত লুকাই থকা দিবা-নিশি শ্ৰম, কঠোৰ আখৰা আৰু মৌলিক সৃষ্টিশীলতাক ছাত্ৰ সন্থাই সহৃদয়ে শ্ৰদ্ধা কৰোঁ। অন্যহাতে সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিয়ে কয় যে-- শিল্পীসকল একাধিক প্ৰজন্ম বা যুগসন্ধিৰ মাজৰ সংযোগ সাঁকো । নিৰলস সাধনা আৰু আজীৱন একাগ্ৰতাৰে একোজন শিল্পীয়ে নিজৰ শিল্পকৰ্মত দক্ষতা আহৰণ কৰে । এই শিল্পী দিৱসৰ শুভক্ষণত আমি জিলাখনৰ বাবে নিস্বাৰ্থভাবে সেৱা আগবঢ়াই অহা ব্যক্তি সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰিবলৈ পাই আমি জিলা ছাত্র সন্থাৰ পৰিয়ালবৰ্গ গৌৰৱান্বিত । ইফালে, আজিৰ এই অনুষ্ঠানতেই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত স্থান লাভ কৰা ধৰিত্ৰী কাকতি আম্ফি আৰু ড: ইলা বনিয়াকো সম্বৰ্দ্ধনা জনোৱা হয় । ইপিনে,আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক দিয়ান দ্বীপ তেৰন আৰু শিক্ষা সম্পাদক লোকেন্দ্ৰ ছেত্ৰী আৰু কাৰ্যালয় সম্পাদক মাজিদুল হুছেইন, প্ৰচাৰ সম্পাদক দীপজ্যোতি বৰুৱা, সাংগঠনিক সম্পাদক প্ৰাণজিৎ বৰা আৰু সদৰ ছাত্ৰ সন্থা সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি বৰ্মন আৰু হীৰক নাথ উপস্থিত থাকে।
No comments