Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সাংস্কৃতিক - মহাসভা অসমৰ সমিতিৰ শিল্পী দিৱস উদযাপন

  ষ্টাফ ৰিপৰ্টাৰ,  যােৰহাট ২২ জানুৱাৰী: শিল্পীৰ কোনাে জাতি নাই, ধর্মও নাই- শিল্পীৰ এটা শিল্পৰ প্রাণ থকাৰ বাবে সমাজৰ বাবে শিল্প কর্মত আত্মনিয...

 


ষ্টাফ ৰিপৰ্টাৰ, যােৰহাট ২২ জানুৱাৰী: শিল্পীৰ কোনাে জাতি নাই, ধর্মও নাই- শিল্পীৰ এটা শিল্পৰ প্রাণ থকাৰ বাবে সমাজৰ বাবে শিল্প কর্মত আত্মনিয়ােগ কৰিবলৈ সাহস পায়-  শিল্পী দিৱস উপলক্ষে সাংস্কৃতিক মহাসভা অসমৰ যােৰহাট জিলা সমিতিয়ে পশ্চিম যােৰহাট আঞ্চলিক সমিতি আৰু পশ্চিম যােৰহাট জাতীয় বিদ্যালয় দহােটীয়াৰ যৌথ সহযােগত অনুষ্ঠিত হােৱা অনুষ্ঠানত ৰাজহুৱা সম্বর্ধনা গ্রহণ কৰি শিল্পী প্রফুল্ল প্রাণ গগৈয়ে এইদৰে কয়। মহাসভাৰ পশ্চিম যােৰহাট আঞ্চলিক সমিতিৰ সভাপতি ভবেন তামুলীয়ে সেই দিনা পুৱা পতাকা উত্তোলন কৰি দিনযােৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিশিষ্ট অভিনেতা গৌৰী শংকৰ ভূঞাকো এই অনুষ্ঠানতে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিশিষ্ট নাট্যশিল্পী নৰেন পূজাৰী আৰু বিদ্যালয়ৰ অধ্যক্ষ তপন চন্দ্র গগৈয়ে বন্তি প্রজ্বলন আৰু স্মৃতি তৰ্পনেৰে  শিল্পীগৰাকীলৈে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। দুপৰীয়া জিলা সমিতিৰ সভাপতি বন্তি মহন্তৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু সমগ্র অনুষ্ঠানৰ আঁত ধৰে সম্পাদক বসন্ত কুমাৰ বৰাই। জাতীয় বিদ্যালয় আৰু মহাসভাৰ শিল্পীসকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে মূল কাৰ্যসূচী আৰম্ভ হয়। বিদ্যালয়ৰ পৰিচালন সঞ্চালক ৰঞ্জিত কুমাৰ বৰাই আদৰণি ভাষণ দিয়াৰ লগতে মুকলি সভা উদ্ধোধন কৰে কেন্দ্রীয় সমিতিৰ উপদেষ্টা নিৰেন কুমাৰ গায়নে। মৰিয়নী মহাবিদ্যালয়ৰ অধ্যাপক ড০ ভূপেন্দ্র নাথ গােস্বামীয়ে বর্তমান সমাজ আৰু জ্যোতি প্ৰসাদৰ জীৱন দর্শনৰ প্রাংসগিকতা শীর্ষক বক্তৃতা প্রদান কৰাৰ লগতে দুজন যুৱ বক্তা ক্রমে স্নেহা শইকীয়া আৰু অভিলাশ কাশ্যপ বৰাই জ্যোতি প্রসাদৰ বিভিন্ন দিশৰ সম্পর্কে সাবলীল বক্তব্য আগবঢ়ায়। অনুষ্ঠানত যুৱ প্রজন্মমৰ শিল্পী মৌচুমী মহন্ত গােস্বামী, অঞ্জুম হাজৰিকাই গীত পৰিৱেশন কৰি সকলােকে মন্ত্রমুগ্ধ কৰি ৰখাৰ লগতে শিক্ষক আকাশদ্বীপ গগৈয়ে “কাৰেঙৰ লিগিৰীৰ নাটকৰ সংলাপ আগবঢ়ায়। কেন্দ্রীয় সমিতিৰ মাণ্ডলিক সম্পাদক আৰেচা বেগম উপস্থিত থাকি কবিতা পাঠ কৰাৰ লগতে প্রাক্তন সভাপতি মানিক চন্দ্র বৰা, প্রাক্তন সম্পাদক যােগেন চন্দ্র নেওগ, হেমনাৰায়ন দত্ত,মনােজ কুমাৰ বৰা, মামনি হাজৰিকা,বিউতি ডেকা, মনালিছা পাত্র, বিপুল হাজৰিকা প্রমুখ্যে বিদ্যালয়ৰ বহুতাে গন্যমান্য ব্যক্তি উপস্থিত থাকি সাৰুৱা ভাষণ আগবঢ়ায়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সাংবাদিক ৰমেন শইকীয়াই। জাতীয় সংগীত  পৰিৱেশনেৰে শিল্পী দিৱসৰ কাৰ্যসূচী সামৰণি পৰে।

No comments