Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাক্সাৰ বৰিমাখাত সাহিত্য সভাৰ উদ্যােগত শিল্পী দিৱস পালন

  দীপাংকৰ বৰুৱা,মুছলপুৰ,১৭ জানুৱাৰী:   ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ বৰিমাখাতো দিনযোৰা কাৰ্যসুচীৰে সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ ...

 


দীপাংকৰ বৰুৱা,মুছলপুৰ,১৭ জানুৱাৰী: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ বৰিমাখাতো দিনযোৰা কাৰ্যসুচীৰে সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসটো পালন কৰা হয় ৷ বৰিমাখা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত আৰু শংকৰদেৱ শিশু নিকেতন, বৰিমাখাৰ সহযোগত অনুষ্ঠিত হোৱা শিল্পী দিৱসৰ পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে মনিৰাম পাঠকে ৷ শিল্পী গৰাকীৰ প্ৰতিচ্ছবিৰ সম্মুখত বন্তি প্ৰজ্বলন কৰে শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্যা কল্পনা বৰ্মনে ৷ বৃক্ষৰোপন কৰে ক্ৰমে মানিক দাস আৰু যোগেশ তালুকদাৰে ৷ কাৰ্যসুচী অনুসৰি অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা ৷ ইয়াৰ পিচতে বৰিমাখা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি মনিৰাম পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷ বৰিমাখা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক নবীন বড়োৱে শুভ উদ্বোধন কৰা সভাখনত মুখ্য অতিথি হিচাপে ভাষন প্ৰদান কৰে ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষক নগেন চন্দ্ৰ দাসে ৷ ভাষন প্ৰসংগত তেওঁ কয় শিল্পী দিৱস পাতি শিল্পীগৰাকীৰ গুণ-গান কৰি থাকিলে নহব ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত- নাটৰ লগতে তেওঁৰ জীৱন দৰ্শণ আমি গ্ৰহন কৰিব লাগিব ৷ শিল্পীগৰাকীৰ গীত- নাটসমূহ বহুল প্ৰচাৰ কৰিলেহে তেওঁক মৰ্যাদা দিয়া হ'ব ৷ মুকলি সভাত ডাঃ মৃনাল বৰ্মন, কৰুণা বৈশ্য, উপেন চন্দ্ৰ দাস, কেশৱ দাসৰ লগতে শতাধিক ছাত্ৰ- ছাত্ৰী উপস্থিত আছিল ৷ শাখা সাহিত্য সভাৰ সম্পাদক মনোহৰ ৰাজবংশীয়ে আঁতধৰা সভাখনত দিলীপ কুমাৰ শৰ্মা, হিয়ামণি শৰণীয়া, হৃদয় বৈশ্য, বাৰ্বী শৰণীয়াই জ্যোতি সংগীত আৰু পূজা শৰণীয়াই এটি নৃত্য পৰিৱেশন কৰে ৷

Attachments area

No comments