Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হেলিকপ্টাৰে ফুল ছটিয়ালে পেটৰ ভোক নুগুছে; ২০১৩ চনৰ পৰা ২০১৭ চনলৈ দিয়া নাই বকেয়া ; মৰিয়নিত আশা কৰ্মীৰ সৰ্বাত্মক কৰ্মবিৰতি

  গণ বাৰ্তা, মৰিয়নি,   ৭ জানুৱাৰীঃ    ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্যতম বুনিয়াদ হিচাপে স্বাস্থ্য বিভাগৰ আশা কৰ্মীসকলে দীৰ্ঘদিনে সেৱা আগবঢ়াই...

 


গণ বাৰ্তা, মৰিয়নি, ৭ জানুৱাৰীঃ  ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্যতম বুনিয়াদ হিচাপে স্বাস্থ্য বিভাগৰ আশা কৰ্মীসকলে দীৰ্ঘদিনে সেৱা আগবঢ়াই আহিছে যদিও তেওঁলোকে তাৰ প্ৰাপ্য আজিও পোৱা নাইন। যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । আশা কৰ্মীসকলৰ দীৰ্ঘদিনীয়া দাবীৰ সমৰ্থনত কালিৰে পৰা সমগ্ৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে । মৰিয়নিতো আশা কৰ্মীসকলে এই কৰ্মবিৰতি পালন কৰি নিজৰ নিজৰ কামকাজৰ পৰা বিৰত আছে । মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, নগৰীয়া স্বাস্থ্য কেন্দ্ৰ আৰু নাগাজাংকা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ৩৫ গৰাকী আশা কৰ্মীয়ে সকলো কামকাজৰ পৰা আঁ‌তৰি অৱস্থান কাৰ্য্যসূচী ৰূপায়ণ কৰিছে । উল্লেখ্য, সদৌ অসম আশা কৰ্মী সন্থাৰ আহ্বান মৰ্মে  ৰাজ্যৰ সকলো আশা কৰ্মীয়ে ৬ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ ১৫ দিনীয়াকৈ কৰ্মবিৰতি পালন কৰিছে । আজি মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আশাকৰ্মীসকলে অৱস্থান কৰি কৰ্মবিৰতি পালন কৰে । তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়- আশা কৰ্মীসকলৰ কষ্টৰ বাবেই ৰাজ্যখনত গৰ্ভৱতী মহিলা আৰু শিশুৰ মৃত্যুৰ হাৰ কমাৰ লগতে জনসংখ্যা বৃদ্ধিৰ হাৰো কমিছে । সম্প্ৰতি ন্যূনতম পাৰিতোষিকৰ বিনিময়ত অত্যধিক কামৰ জাপি দিয়া হৈছে আশা কৰ্মীৰ ওপৰত । বিগত প্ৰায় ১৫ বছৰে সেৱা আগবঢ়াই অহাৰ পিছতো চৰকাৰে আশাকৰ্মীৰ সমস্যা আৰু দাবীৰ প্ৰতি কোনোদিনেই গুৰুত্ব নিদিলে বুলি তেওঁলোকে আক্ষেপ  প্ৰকাশ কৰে । প্ৰসংগক্ৰমে তেওঁ‌লোকে কয়- হেলিপক্টাৰে ওপৰৰ পৰা আশাকৰ্মীৰ গাত ফুল ছটিয়ালে পেটৰ ভোক নুগুছে । তাৰ বাবে প্ৰয়োজন হয় উচিত পাৰিতোষিক । সেয়েহে শীঘ্ৰেই আশা কৰ্মীসকলৰ দাবী মানি ল'বলৈ আহ্বান জনাইছে ।আশাকৰ্মীসকলৰ দাবী অনুযায়ী আশাকৰ্মীসকলক উপযুক্ত পাৰিতোষিক দিয়া,  ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আন আন কৰ্মচাৰীৰ দৰে আশা কৰ্মীসকলক নিযুক্তি পত্ৰ প্ৰদানৰ প্ৰস্তাব কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে । ইয়াৰোপৰি অসম চৰকাৰে ২০১৩ চনৰ পৰ ২০১৭ চনলৈ দিবলগীয়া বকেয়া অতি শীঘ্ৰেই আদায় দিয়াৰ ব্যৱস্থা কৰা,২০১২-১৩ বৰ্ষত প্ৰতিগৰাকী আশা কৰ্মীৰ এলেকাত অনাময় সমিতিত প্ৰদান কৰা দহ হাজাৰ টকাকৈ প্ৰদান কৰাৰ ওপৰিও প্ৰতিগৰাকী আশা কৰ্মীক অটল অমৃত আৰু আয়ুস্মান ভাৰত আঁ‌চনিৰ চিকিৎসাজনিত কাৰ্ডদুখন শীঘ্ৰেই দিয়াৰ ব্যৱস্থা কৰা, ৬০ বছৰৰ ওপৰৰ কৰ্মৰত আশা কৰ্মীসকলক অৱসৰ দিয়াৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাইছে । ২০ জানুৱাৰীৰ ভিতৰত এই দাবী মানি নল'লে প্ৰতিবাদী কাৰ্যসূচী অধিক দীঘলীয়া হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে মৰিয়নিৰ আশা কৰ্মীসকলে ।

No comments